তেজপুৰ, ৩০ মে’ :অৱশেষত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পৰিল প্ৰশাসনৰ হাতোৰা ৷ এই অভিযানৰ আজি অৰ্থাৎ মঙলবাৰে আছিল তৃতীয়টো দিন (Eviction Drive at Orang National Park) ৷ এই উচ্ছেদ অভিযানৰ তৃতীয়টো দিনা সংঘটিত হয় এক অঘটন । পূৰ্বৰ দুটা দিনৰ লেখীয়াকৈ মঙলবাৰেও এই উচ্ছেদ অভিযান চলি থকাৰ সময়তে এগৰাকী আৰক্ষীৰ উপ পৰিদৰ্শকৰ মৃত্যু হয় (Cops died on Eviction at Orang National Park) । মৃত্যু হোৱা আৰক্ষী বিষয়াগৰাকীৰ নাম দীজেন বৰা বুলি জানিব পৰা গৈছে ৷
উৎকঠ গৰমৰ বাবেই হৃদক্ৰিয়া বন্ধ হৈ আৰক্ষী বিষয়া দীজেন বৰাৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ এই কথা সদৰী কৰিছে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই । লগতে তেওঁ কয় যে, সদ্য প্ৰয়াত আৰক্ষী উপ পৰিদৰ্শকগৰাকী মৰিগাঁও জিলাৰ মায়ং থানাত কৰ্মৰত আছিল ৷ শোণিতপুৰৰ এই উচ্ছেদ অভিযানৰ বাবে অতিৰিক্তভাৱে তেওঁক মকৰল কৰা হৈছিল ৷
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ শোণিতপুৰৰ জিলাৰ বৰছলাৰ ৯ টা চৰত এই উচ্ছেদ অভিযান চলোৱা হৈছিল ৷ যাৰ বাবে শোণিতপুৰ জিলা প্ৰাশাসনে দুদিনৰ সময় লৈছিল যদিও আজি তৃতীয় দিনা উচ্ছেদ চলাবলগীয়া হ’ল অন্য চাৰিটা স্থানত ৷ কাৰণ ব্ৰহ্মপুত্ৰৰ মাজেৰে সকলো ধৰণৰ যান বাহন পাৰ কৰাটো সম্ভৱ হৈ পৰা নাছিল (Eviction drive at Orang National Park to clear animal corridor)৷
উচ্ছেদ হোৱা সৰ্বমুঠ বেদখলকাৰীৰ ঘৰ আছিল ৪৯৮০ টা আৰু বেদখলকাৰীৰ সংখ্যা হ’ল ৭৯৭ জন ৷ জিলা প্ৰশাসনৰ পৰা লাভ কৰা তথ্য অনুসৰি, প্ৰথম দিনা উচ্ছেদ চলিল শোণিতপুৰৰ ঠেংভঙা, চৰ্দাৰ, বিশখুটি, পানচু আৰু টেঙাগুৰী চৰত ৷ ইয়াত ৩১৮৭ টা ঘৰ থকাৰ লগতে অবৈধ বেদখলকাৰী আছিল ৫১২ জন (Encroachment at Orang National Park) ৷