তেজপুৰ, ২৯ ডিচেম্বৰ: সশস্ত্ৰ সীমা বল (এছ এছ বি)ৰ তেজপুৰ ফ্ৰণ্টিয়াৰৰ অধীনত থকা ৬৮ নং বাহিনীৰ দেৱেন্দ্ৰ নগৰত ৪৪ সপ্তাহ ধৰি চলা তৃতীয়তো দলৰ বেচিক প্ৰশিক্ষণৰ পাছিং আউট পেৰেড অনুষ্ঠিত হয় । এই অনুষ্ঠানত গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মহাপৰিদৰ্শক ৰাজেন্দ্র কুমাৰ বুমলাই নতুন প্ৰশিক্ষাৰ্থীৰ অভিবাদন গ্ৰহণ কৰে । অভিবাদন অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত গুৱাহাটী ফ্ৰণ্টিয়াৰ মহাপৰিদৰ্শক গৰাকীয়ে কয় যে ৪৩৯ গৰাকী নতুন প্ৰশিক্ষণ লাভ কৰা জোৱানসকলক দেশৰ সীমান্তত আগন্তুক সময়ত নিয়োজিত হ'বলগীয়া দায়িত্বৰ বিষয়ে অৱগত কৰে ।
তেওঁ কয় যে এছ এছ বিৰ দায়িত্বত থকা ভাৰত-ভূটান, ভাৰত-নেপাল সীমান্ত উন্মুক্ত । ইয়াৰ বাবে সুৰক্ষাৰ ক্ষেত্ৰত সদায় সষ্টম হৈ থাকিব লাগিব । বহুতো অনৈতিক কাৰ্যকলাপ আৰু সুৰক্ষাৰ ক্ষেত্ৰত কঠোৰ হোৱাৰ লগতে সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনায় । এই অনুষ্ঠানটোত তেজপুৰ ফ্ৰণ্টিয়াৰৰ মহাপৰিদৰ্শক বিনোদ নায়ক আৰু উচ্চপদস্থ বিষয়া উপস্থিত থাকে ।