তেজপুৰ, ১৫ ফেব্ৰুৱাৰী : তেজপুৰ ৰাজীৱ ভৱনত তলা লগালে কংগ্ৰেছী কৰ্মীয়ে (Congress workers locked Rajiv Bhawan in Tezpur) ৷ টকাৰ বিনিময়ত পৌৰসভাৰ টিকট বিক্ৰী হৈছে তেজপুৰত, এই অভিযোগ তুলিছে স্বয়ং কংগ্ৰেছ দলৰ কৰ্মীয়ে । তেজপুৰ জিলা কংগ্ৰেছে ১৪ ফেব্ৰুৱাৰী মাজ নিশা ঘোষণা কৰিছিল তেজপুৰ পৌৰ সভাৰ ৱাৰ্ডৰ প্ৰাৰ্থীৰ তালিকা ।
তাৰ পিছতে মঙলবাৰে এইদৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে তেজপুৰ ৰাজীৱ ভৱন । অভিযোগ অনুসৰি, প্ৰাৰ্থী নিৰ্বাচন সমিতিৰ সভাপতি সম্পাদকে টিকটৰ বিনিময়ত ধন বিচাৰিছিল ৷ প্ৰাৰ্থীত্ব প্ৰত্যাশী ইয়চুফ আলিৰ সমৰ্থকে এই অভিযোগ তুলিছে ৷ ক্ষুদ্ধ সমৰ্থকে মঙলবাৰে জিলা কংগ্ৰেছ কাৰ্যালয়ত ওলোমালে টলা ৷ ১০ নং ৱাৰ্ডৰ কংগ্ৰেছ প্ৰাৰ্থীক লৈ এই পৰিস্থিতিৰ সৃষ্টি হয় ৷