ৰঙাপৰা,8 মাৰ্চ: মহাজোঁটত অব্যাহত আছে প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাত ৷ মূলত বহু কেইটা সমষ্টিত কংগ্ৰেছৰ দাবীদাৰ প্ৰাৰ্থী টিকটৰ পৰা বঞ্চিত হোৱাত এতিয়া আৰম্ভ হৈছে দলীয় কৰ্মীৰ প্ৰতিবাদ তথা ক্ষোভ ৷ আনকি বিগত দিনকেইটাত বহু কেইখন জিলাৰ জিলা কংগ্ৰেছ কাৰ্যালয়ত আচবাব ভাঙি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে একাংশ প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীয়ে ৷ ইয়াৰ মাজতে সোমবাৰে ৰঙাপৰাৰ বৰছলা সমষ্টিৰ পৰা স্থানীয় যোগ্য প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান নকৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তুলিছে একাংশ কংগ্ৰেছ কৰ্মীয়ে ৷
বৰছলা সমষ্টিত অব্যাহত কংগ্ৰেছৰ প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাত - Congress worker protest at Barsola
সোমবাৰে ৰঙাপৰাৰ বৰছলা সমষ্টিৰ পৰা স্থানীয় যোগ্য প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান নকৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তুলিছে একাংশ কংগ্ৰেছ কৰ্মীয়ে ৷ কংগ্ৰেছ জিন্দাবাদ, টংক বাহাদুৰ ৰাই জিন্দাবাদ, ৰাম প্ৰসাদ শৰ্মাৰ প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷
উল্লেখ্য যে, কংগ্ৰেছ দলত বৰছলা সমষ্টিৰ বাবে কেইবাজনো যোগ্য নেতা থকাৰ পিচতো সেই নেতাসকলক বঞ্চিত কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তাৰ মতামত নোলোৱাকৈয়ে সমষ্টিটোত চালানী নেতা তথা প্ৰাক্তন বিজেপি নেতা ৰাম প্ৰসাদ শৰ্মাক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ৷ ইয়াকে লৈ কংগ্ৰেছ দলৰ কৰ্মকৰ্তা সকলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ কংগ্ৰেছ জিন্দাবাদ, টংক বাহাদুৰ ৰাই জিন্দাবাদ, ৰাম প্ৰসাদ শৰ্মাৰ প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়কঃচাবুৱা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী অজয় ফুকনক বিপুল আদৰণি