তেজপুৰ, 27 ছেপ্টেম্বৰ: অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডে (Assam Power Distribution Company Limited) হঠাৎ বিদ্যুতৰ বিল অভাৱনীয় হাৰত বৃদ্ধি কৰাক লৈ তেজপুৰত সাব্যস্ত হ’ল অভিনৱ প্ৰতিবাদ (Congress protest in Tezpur against APDCL)৷ APDCLক অসুৰৰ ৰূপ দি কংগ্ৰেছে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন সাংসদ ৰাম কুমাৰ শৰ্মাই (Congress leader R P Sarma) ৷
‘‘সাধাৰণ জনতা কুঁহিয়াৰলৈ পৰিণত হৈছে, চৰকাৰে সেই কুঁহিয়াৰ চেপিছে আৰু ইয়াৰ ৰস আদানী-আম্বানীয়ে খাইছে’’৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰিলে আৰ পি শৰ্মাই ৷ প্ৰাক্তন সাংসদগৰাকীয়ে লগতে কয় যে, APDCL আৰু অসম চৰকাৰক চিকিৎসাৰ প্ৰয়োজন হৈছে ৷ তেজপুৰত যিদৰে মানসিক ৰোগীক চিকিৎসা কৰোৱা হয়, ঠিক সেইদৰে APDCL আৰু অসম চৰকাৰকো মানসিক চিকিৎসা কৰোৱাৰ প্ৰয়োজন হৈছে বুলি তীৰ্যক মন্তব্য প্ৰদান কৰে আৰ পি শৰ্মাই ৷
আনহাতে বিজেপি দলক ক্ষোৰধাৰ সমালোচনা কৰি প্ৰাক্তন সাংসদ তথা বৰ্তমানৰ কংগ্ৰেছী নেতাগৰীকীয়ে কয় যে, এই সময়ত ৰাহুল গান্ধীক ‘পাপ্পু’ বুলি কোৱাৰ সাহস কাৰো নাই ৷ ইয়াৰ জৰিয়তে সম্প্ৰতি কংগ্ৰেছ দলৰ জনপ্ৰিয়তা দেশজুৰি বৃদ্ধি হোৱা বুলি প্ৰকাশ কৰে আৰ পি শৰ্মাই ৷