অসম

assam

ETV Bharat / state

পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাসৰ দাবীৰে ৰঙাপৰাত কংগ্ৰেছৰ প্ৰতিবাদ - প্ৰতিবাদ

শুকুৰবাৰে সমগ্ৰ ৰাজ্যতে কংগ্ৰেছ দলে পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ ৰঙাপৰাতো কংগ্ৰেছ দলে ৰূপায়ন কৰিলে প্ৰতিবাদী কাৰ্যসূচী ৷ চৰকাৰক পূৰ্বতে দিয়া প্ৰতিশ্ৰুতি অনুসৰি কাম কৰিবলৈ সকীয়নি প্ৰদান দলটোৰ ৷

congress protest against price hike in rangapara
congress protest against price hike in rangapara

By

Published : Jul 3, 2020, 4:28 PM IST

ৰঙাপৰা, 3 জুলাইঃপেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে সমগ্ৰ ৰাজ্যতে কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ সান্তৰালকৈ, ৰঙাপৰাতো প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ৷ বিজেপি চৰকাৰে শাসনভাৰ লৈয়েই কংগ্ৰেছ আমোলতকৈ 50 শতাংশ মূল্য হ্ৰাস কৰাৰ আশ্বাস প্ৰদান কৰিছিল ৷ কিন্তু সম্প্ৰতি পেট্ৰ'ল-ডিজেলৰ দাম দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে অসমত কংগ্ৰেছ দলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে বুলি উল্লেখ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক কাৰ্তিক কুৰ্মীয়ে ৷

পেট্ৰ'ল-ডিজেল মূল্য হ্ৰাসৰ দাবীৰে ৰঙাপৰাত কংগ্ৰেছৰ প্ৰতিবাদ

প্ৰতিবাদকাৰী সকলে পূৰ্বতে দিয়া প্ৰতিশ্ৰুতি অনুসৰি কাম কৰিবলৈ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক সকীয়নি প্ৰদান কৰে ৷ অন্যথা আগন্তুক নিৰ্বাচনত ৰাইজে বিজেপি দলক ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু বুলি উল্লেখ কৰে প্ৰতিবাদকাৰী সকলে ৷ শেহতীয়াকৈ কেবিনেটত লোৱা ভূমি নীতিৰো বিৰোধিতা কৰে কংগ্ৰেছ দলে ৷ অতি শীঘ্ৰেই শেহতীয়াকৈ লোৱা ভূমি নীতি বাতিল কৰিবলৈও চৰকাৰক দাবী জনায় দলটোৱে ৷ প্ৰতিবাদৰ অন্তত পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস কৰাৰ দাবী জনাই ৰঙাপৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মণি দেৱীৰ জৰিয়তে, ৰঙাপৰা ব্লক কংগ্ৰেছৰ সভাপতি ভিক্টৰ মমিনৰ স্বাক্ষৰিত এখন স্মাৰক পত্ৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে।

লগতে পঢ়কঃকৰিমগঞ্জত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details