তেজপুৰ,২৯ জুন:পেট্ৰ'ল ডিজেলৰ আকাশলঙ্ঘী মূল্য বৃদ্ধিৰ বিৰোধিতাৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ উদ্যোগত অসম প্ৰদেশ কংগ্ৰেছৰ সহযোগিতাত শোণিতপুৰ জিলা কংগ্ৰেছে সোমবাৰে ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । তেজপুৰ ৰাজীৱ ভৱনৰ এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য অংশগ্ৰহণ কৰি এই মূল্যবৃদ্ধিৰ বাবে বিজেপি চৰকাৰক জগৰীয়া কৰে । লগতে দেশৰ পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নিকৃষ্টতাৰ স্বৰূপ উদঙাই দেখুৱাইছে বুলি মন্তব্য কৰে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ।
ডিজেল-পেট্ৰ'লৰ মূল্য বৃদ্ধিলৈ কংগ্ৰেছৰ প্ৰতিবাদ - ড0 মনমোহন সিং
ড0 মনমোহন সিং নেতৃত্বাধীন চৰকাৰৰ দিনত ডিজেলৰ অৱকাৰী শুল্ক ৩.৩২ টকা আৰু পেট্ৰ'লৰ প্ৰায় ৩ টকা আছিল ৷ কিন্তু বৰ্তমান মোদী চৰকাৰৰ দিনত ডিজেলৰ অৱকাৰী শুল্ক ৩১.৮৩ টকা আৰু পেট্ৰ'লৰ ৩২.৯৮ টকা হৈছে আৰু ইয়াৰ বাবে মোদী চৰকাৰ জবাবদিহি হ'ব লাগিব বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷
![ডিজেল-পেট্ৰ'লৰ মূল্য বৃদ্ধিলৈ কংগ্ৰেছৰ প্ৰতিবাদ Congress protest against diesel petrol rate hike](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7816718-432-7816718-1593422552065.jpg)
লগতে পঢ়কঃ বিকশিত অসমঃ নলাৰ পানীকে সেৱন চিৰাঙবাসীৰ
মুখপাত্ৰগৰাকীয়ে কয় য়ে, নৰেন্দ্ৰ মোদী চৰকাৰে বিগত ২০ দিনৰ ভিতৰত ডিজেল আৰু পেট্ৰ'লৰ মূল্য সৰ্বাধিক কৰিছে । ২০২০ চনত একাদিক্ৰমে ডিজেলৰ মূল্য বৃদ্ধি হোৱাত কৃষিকৰ্মত হাহাকাৰৰ সন্মুখীন হৈছে কৃষকসমাজ ৷ সমান্তৰালকৈ ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে পৰিবহণ ব্যৱস্থাও বিপদত পৰা পৰিলক্ষিত হৈছে বুলি মন্তব্য কৰে মুখপাত্ৰগৰাকীয়ে ৷ ড0 মনমোহন সিং নেতৃত্বাধীন চৰকাৰৰ দিনত ডিজেলৰ অৱকাৰী শুল্ক ৩.৩২ টকা আৰু পেট্ৰ'লৰ প্ৰায় ৩ টকা আছিল কিন্তু বৰ্তমান মোদী চৰকাৰৰ দিনত ডিজেলৰ অৱকাৰী শুল্ক ৩১.৮৩ টকা আৰু পেট্ৰ'লৰ ৩২.৯৮ টকা হৈছে আৰু ইয়াৰ বাবে মোদী চৰকাৰ জবাবদিহি হ'ব লাগিব বুলি মন্তব্য কৰে মুখপাত্ৰগৰাকীয়ে ৷