তেজপুৰ, ২৬ এপ্ৰিল : অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই আজি তেজপুৰ হলেশ্বৰত প্ৰাক্তন জন্মু-কাশ্মীৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে পুলৱামা কাণ্ডৰ অভিযোগ উত্থাপিত কৰাৰ বিষয়ে উল্লেখ কৰি বিজেপিক সমালোচনা কৰে । তেওঁ কয় যে ৪০ জন সৈনিকৰ মৃত্যুৰে নিৰ্বাচনী বৈতৰণী পাৰ কৰিলে বিজেপিয়ে । মাত্ৰ ৪ খন উৰাজাহাজ প্ৰেৰণ কৰা হ'লে দেশৰ ৪০ জন সৈনিক হেৰুৱাব নালাগিলহেঁতেন । আৰু এই অভিযোগ উত্থাপিত কৰা বাবে তেওঁৰ ওপৰত চি বি আই তদন্তৰ নিৰ্দেশ জাৰি কৰে বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই কয় (APCC president at Tezpur)।
তেওঁ পুনৰ কয় যে, অসমত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে চি বি আই তদন্ত আৰম্ভ কৰিছে । কাৰণ বিজেপিৰ ৱাছিং পাউদাৰত অজিত ভূঞাক ধুব নোৱাৰিলে । বিজেপিৰ গুৱাহাটীৰ কাৰ্যালত ৱাছিং পাউদাৰ ধোৱা চিনটেক্স আছে আৰু অভিযোগ থকা লোকক ধুই নিকা কৰি লয় । তেওঁলোকৰ ওপৰত অভিযোগ নাইকীয়া হৈ পৰে বুলিও কয় । গুৱাহাটীৰ বিজেপিৰ কাৰ্যালয়ত এটা ৱাচিং পাউদাৰ আছে ।
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই কয় যে, অজন্তা নেওগ, গৌতম ৰয় আৰু মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চে মাতিছিল । তেওঁলোকক গুৱাহাটীৰ বিজেপিৰ কাৰ্যালয়ত থকা ৱাচিং পাউদাৰ নিৰ্মা মিহলাই ডাঙৰ চিন্টেক্সত জুবুৰিয়াই দিলে আৰু সকলো পৰিষ্কাৰ হৈ গ'ল । তাৰ পাছতেই তেওঁলোকে বিজেপিত যোগদান কৰিলে (Congress observed satyagrah at Tezpur)।