তেজপুৰ, 25 মাৰ্চঃ তেজপুৰ লোকসভা সমষ্টিৰ বাবে সোমবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ত ৰিটাৰ্নিং বিষয়া নৰসিং পৱাৰৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে কেইবাটাও দলৰ প্ৰৰ্থীয়ে৷
বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসৰ মনোনয়ন দাখিল কৰাৰ সময়ত প্ৰাৰ্থী জনক সংগ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপি আৰু মিত্ৰ দলক জেষ্ঠ নেতা সকল৷
এম জি ভি কে ভানু মনোনয়ন দাখিল ইয়াৰ ওপৰিও এন পি পি দলৰ ৰাম বাহাদুৰ সোনাৰে সমষ্টিটোত সোমবাৰে দাখিল কৰে মনোনয়ন৷ আনহাতে জিডিপি বৃদ্ধিক মূল ইচ্চু হিচাপে লৈ ভোটাৰ্ছ পাৰ্টি অব ইন্টাৰনেছনেলৰ পৰা মহেন্দ্ৰ ওৰাঙে মনোনয়ন পত্ৰ দাখিল কৰে ।
মনোনয়ন দাখিল সম্পন্ন কেইবাটাও দলৰ উল্লেখ্য যে মনোনয়ন পত্ৰ জমা দিয়া আন্তিম দিনটোত আজি ৯ নং তেজপুৰ লোকসভা সমষ্টিৰ আগন্তোক নিৰ্বাচনত প্ৰাৰ্থীৰূপে অবত্তীৰ্ণ হ’ব খোজা সৰ্বমুঠ ০৯ গৰাকী প্ৰাৰ্থীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে৷
আজি মনোনয়ন দাখিল কৰা প্ৰাৰ্থী সকল হ’ল -
- মহেন্দ্ৰ ওৰাং- ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেল,
- মহেন্দ্ৰ ভূঞা-নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি,
- এম.জি.ভি.কে. ভাণু- ভাৰতীয় জাতীয় কংগেছ,
- ইকবাল আনচাৰী -নিৰ্দলীয় ,
- ৰণবিজয় কুমাৰ ৰায়- বহুজন মুক্তি পাৰ্টি,
- বিজয় কুমাৰ তিৰু- অসম আদিবাসী ৰাষ্টীয় পাৰ্টি,
- ৰাম বাহাদুৰ সোনাৰ- নেছনেল পিপলচ পাৰ্টি,
- পল্লৱ লোচন দাস -ভাৰতীয় জনতা পাৰ্টি আৰু
- কৃষ্ণহৰি পাল- সৰ্ব ভাৰতীয় হিন্দুষ্টান কংগ্ৰেছ পাৰ্টি
২৬ মাৰ্চ তাৰিখে মনোনয়ন পত্ৰ সমূহ পৰীক্ষা কৰা হ’ব ৷ অহা ২৮ মাৰ্চৰ বিয়লি ৩ বজাৰ পূৰ্বে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম সময় নিৰ্দ্ধাৰণ কৰা হৈছে।