ৰঙাপৰা, 17 অক্টোবৰ: "মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক অচল 500 টকীয়া বুলি কৈছে। প্ৰকৃততে হিমন্ত বিশ্ব শৰ্মা এতিয়া অচল টকা আৰু তেখেতৰ কোনো কাম নাই আৰু ইয়াৰ প্ৰমাণ অসমত অনুষ্ঠিত হ'ব লগা উপ-নিৰ্বাচনত তেখেতে পাব।" শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ ঘইৰালি চাহ বাগিছাত বৃহস্পতিবাৰে অনুষ্ঠিত কংগ্ৰেছৰ এখন নিৰ্বাচনী সভাত এই মন্তব্য মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷ উক্ত সভাখনত উপস্থিত থাকে কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইন। সভাখনত ৰূপজ্যোতি কুৰ্মীয়ে অসমৰ 4 টা বিধানসভা সমষ্টিত এইবাৰ কংগ্ৰেছ জয়ী নিশ্চিত বুলিও মন্তব্য কৰাৰ লগতে হিন্দুত্বৰ কথা কোৱা এইখন চৰকাৰৰ দিনতেই হিন্দুত্ব এতিয়া সংকটত বুলিও বিধায়ক গৰাকীয়ে মন্তব্য কৰে।
ৰঙাপাৰা,ৰাতাবাৰীত কংগ্ৰেছৰ প্ৰচাৰ অভিযান: বিজেপিক ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছৰ - ক্ষুৰধাৰ সমালোচনা
আগন্তুক নিৰ্বাচনৰ বাবে ৰঙাপাৰা,ৰাতাবাৰী সমষ্টিত জোৰদাৰ প্ৰচাৰ অভিযান চলাইছে কংগ্ৰেছে ৷ প্ৰচাৰ অভিযানত বিজেপিক ক্ষুৰধাৰ সমালোচনা বিৰোধী পক্ষৰ ৷ আনহাতে ৰাতাবাৰীত কংগ্ৰেছ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত ৷

উল্লেখযোগ্য যে,পেপাৰ মিলৰ কৰ্মচাৰীসকলৰ আত্মহত্যা,দুই কোটি নিবনুৱাক কৰ্ম সংস্থাপনৰ প্ৰতিশ্ৰুতি,নুমলীগড় তেল শোধনাগাৰ ব্যক্তিগতকৰণ,লামডিং ৰে'ল বিভাগত বহিঃৰাজ্যৰ যুৱক-যুৱতীয়ে চাকৰি লোৱাৰ উপৰিও নিৰ্বাচনৰ আগতে বিজেপিয়ে টেট শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণৰ কথা কৈছিল যদিও আজি পৰ্যন্ত এইবোৰ বিষয়ৰ ওপৰত কাম নোহোৱাৰ কথাও ভাষণত সোঁৱৰাই দিয়ে ৰূপজ্যোতি কুৰ্মীয়ে ৷
আনহাতে ৰাতাবাৰীত কংগ্ৰেছ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত উঠিছে। বিজেপিয়ে যদি হেলিকপ্তাৰ উৰুৱাইছে,ৰাজহুৱা সভা পাতিছে আনহাতে কংগ্ৰেছে সমষ্টিসমূহৰ চুকে-কোণে গৈ সৰু সৰু সভা পাতি ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা চলাইছে ৷ অব্যাহত ৰাখিছে এটা দলে আন এটা দলৰ বিৰুদ্ধে তীব্ৰ সমালোচনা। বুধবাৰে সন্ধিয়া ৰাতাবাৰী সমষ্টিৰ সিংলাছৰা চাহ বাগিছাত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলালে প্ৰাক্তন মন্ত্ৰী অজিত সিং আৰু লক্ষীপুৰ সমষ্টিৰ বিধায়ক ৰাজদ্বীপ গোৱালাই ।