ৰঙাপাৰাত নিৰ্বাচনী ৰণডংকা কংগ্ৰেছৰ - কাৰ্তিক কুৰ্মী
ৰঙাপাৰাত কংগ্ৰেছৰ নিৰ্বাচনী সভা ৷ ব্যক্তিগতকৰণৰ বিৰুদ্ধে দিল্লী কঁপাব কংগ্ৰেছে এই মন্তব্য কংগ্ৰেছৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক হৰিশ ৰাৱটৰ ৷
![ৰঙাপাৰাত নিৰ্বাচনী ৰণডংকা কংগ্ৰেছৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4764899-thumbnail-3x2-elect.jpg)
ৰঙাপাৰা, 15 অক্টোবৰঃ শোণিতপুৰৰ ৰঙাপাৰাত কংগ্ৰেছৰ নিৰ্বাচনী সভা ৷ সভাত অংশগ্ৰহণ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, ঢেকিয়াজুলিৰ বিধায়ক হাবুল চক্ৰৱৰ্তী, অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ টংক বাদুৰ ৰায়, অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পৱন সিং ঘাটোৱাৰ, কংগ্ৰেছৰ প্ৰক্ষেপিত প্ৰাৰ্থী কাৰ্তিক কুৰ্মী তথা কংগ্ৰেছৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক হৰিশ ৰাৱটৰ ৷ ব্যক্তিগতকৰণৰ বিৰুদ্ধে দিল্লী কঁপাব কংগ্ৰেছে উক্ত সভাত এই মন্তব্য হৰিশ ৰাৱটৰ ৷ লগতে কয় যে মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাত কংগ্ৰেছে জয়লাভ কৰাৰ লগতে অসমৰ চাৰিখন আসনো কংগ্ৰেচৰ হাতলৈ আহিব ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ব্যক্তিগতকৰণৰ প্ৰসংগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ সমালোচনা কৰে ৷ লগতে কংগ্ৰেছে নিৰ্বাচনৰ পিছতে ৰাজ্যজুৰি ব্যাপক আন্দোলনৰ কাৰ্যসূচী ল'ব বুলি ঘোষণা কৰে ৷