অসম

assam

তেজপুৰ ঐতিহাসিক গণেশ মন্দিৰলৈ অশনি সংকেত বুঢ়া লুইতৰ

By

Published : May 22, 2021, 7:57 PM IST

Updated : May 22, 2021, 8:03 PM IST

গণেশ ঘাটৰ সমান্তৰালভাৱে তেজপুৰ আৱৰ্ত্ত ভৱনৰ সমীপত থকা জাহাজ ঘাটত এই খহনীয়াই বিগত বৰ্ষতো লৈছিল কাল ৰূপ । সামান্য কেইটামান বস্তা আৰু বাঁহেৰে ভেটা মাৰি দায়িত্ব সামৰিছিল বিভাগীয় কৰ্তৃপক্ষই ।

তেজপুৰ ঐইতিহাসিক গণেশ মন্দিৰলৈ অশনি সংকেত বুঢ়া লুইতৰ
তেজপুৰ ঐইতিহাসিক গণেশ মন্দিৰলৈ অশনি সংকেত বুঢ়া লুইতৰ

তেজপুৰ, 22 মে’:শোণিতপুৰ জিলাৰ সদৰ তেজপুৰৰ ঐতিহাসিক গণেশ মন্দিৰলৈ অশনি সংকেত কঢ়িয়াই আনিছে বুঢ়া লুইতে । জেঠ মাহৰ আৰম্ভণিতে বুঢ়া লুইতৰ এই খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে তেজপুৰ চহৰৰ প্ৰতিও ।

ইফালে কেন্দ্ৰীয় জল আয়োগেও এই পৰ্যন্ত গ্ৰহণ কৰা নাই কোনো ধৰণৰ ব্যৱস্থা । কাণ সাৰ নাই জল সম্পদ বিভাগৰ লগতে শোণিতপুৰ জিলা প্ৰশাসনৰো । গণেশ ঘাটৰ সমান্তৰালভাৱে তেজপুৰ আৱৰ্ত ভৱনৰ সমীপত থকা জাহাজ ঘাটত এই খহনীয়াই বিগত বৰ্ষতো লৈছিল কালৰূপ । সামান্য কেইটামান বস্তা আৰু বাঁহেৰে ভেটা মাৰি দায়িত্ব সামৰিছিল বিভাগীয় কৰ্তৃপক্ষই ।

তেজপুৰ ঐইতিহাসিক গণেশ মন্দিৰলৈ অশনি সংকেত বুঢ়া লুইতৰ

ব্ৰহ্মপুত্ৰ নদীৰ কাষতে থকা এই গণেশ ঘাটৰ কেন্দ্ৰীয় জল আয়োগ আৰু জল সম্পদ বিভাগে নিতৌ বাৰিষা কালত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ জোখ লয় যদিও নদীৰ এই ভয়ানক খহনীয়াৰ প্ৰতি নাই কোনো ভ্ৰূক্ষেপ । হয়তো নিশাৰ ভিতৰত নিঃশ্চিন্ন হৈ যাব পাৰে বাকী থকা অৱশিষ্ট অংশও ।

এই গৰাখহনীয়া শোণিতপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ পৰা মাত্ৰ ২০০ মিটাৰ দূৰত্বত। যদি তাৎক্ষণিকভাৱে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে যিকোনো মূহুৰ্তত নিঃচিহ্ন হৈ যাব পাৰে ঐতিহাসিক এই গণেশ ঘাট ।

উল্লেখ্য যে, শোণিতপুৰ জিলাত বিগত ২৫ দিন ধৰি ভয়াৱহভাৱে অনুভূত হৈছে সৰু বৰ কেবাটাও ভূমিকম্পৰ ৷ নিশা সামান্য জোকাৰণি আহিলেই নিদ্ৰা হৰে জনসাধাৰণৰ ৷ এনে প্ৰেক্ষাপতত তেজপুৰ বাসীয়ে ভাৱিবলৈ বাধ্য হৈছে, সঘনাই অহা ভূমিকম্পৰ পৰিণতি নেকি এই গৰাখহনীয়া ৷

লগতে পঢ়কঃ জুন মাহৰ পৰা সুলভ হ’ব ক’ভিডৰ প্ৰতিষেধক : স্বাস্থ্যমন্ত্ৰী

Last Updated : May 22, 2021, 8:03 PM IST

ABOUT THE AUTHOR

...view details