তেজপুৰ,৮ জুন :মণিপুৰৰ ইম্ফল পূব জিলাৰ পেলেচ কম্পাউণ্ডৰ ইবোয়াইমা চুমাং লীলা চাংলেনত অনুষ্ঠিত এক গণ সন্মিলনত মণিপুৰ অখণ্ডতা সম্পৰ্কীয় সমন্বয় সমিতিয়ে বুধবাৰে চিন-কুকি নাৰ্কো সন্ত্ৰাসবাদীৰ বিৰুদ্ধে মণিপুৰী ৰাষ্ট্ৰীয় যুদ্ধৰ ঘোষণা কৰে (National War against Chin Kuki Narco Terrorists)।
গণ সন্মিলনত লোৱা সংকল্প অনুসৰি চিন-কুকি নাৰ্কো সন্ত্ৰাসবাদী আৰু মেইটেই লোকসকলৰ মাজত চলি থকা সংকটৰ বাবে ভাৰত চৰকাৰক দায়ী কৰা উচিত (Coordinating Committee on Manipur Integrity)। বৈঠকত ৰাজ্যখনৰ সকলো জাতি-সম্প্ৰদায়ক নাৰ্কো-সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুটীয়াভাৱে যুদ্ধ আৰম্ভ কৰাৰ বাবে আহ্বান জনোৱা হয় ।
গণ সন্মিলনত লগতে নিশ্চিত কৰা হয় যে নাৰ্কো সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় যুদ্ধ ঘোষণা কৰাৰ পাছত ৰাজ্যখনত ৰাজহুৱা জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হ'ব য'ত ৰাজ্যখনত ধৰ্মীয় ৰীতি-নীতিৰ বাহিৰে সকলো উৎসৱ আৰু মনোৰঞ্জন কাৰ্যসূচী নিষিদ্ধ কৰা হ'ব । গণ সন্মিলনে নাৰ্কো সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুদ্ধ আৰু বাহ্যিক আক্ৰমণৰ সমাপ্তি হোৱা নাই বুলি উল্লেখ কৰি অস্ত্ৰ-শস্ত্ৰ জমা নিদিয়াৰ সংকল্প লয় আৰু লগতে কয় যে কুকি সন্ত্ৰাসবাদী আৰু বাহ্যিক আক্ৰমণকাৰীৰ দ্বাৰা প্ৰভাৱিত পাহাৰীয়া অঞ্চলসমূহত ইয়াক আৰম্ভ কৰাৰ পূৰ্বে মণিপুৰ উপত্যকাত কোনো সামৰিক কোম্বিং অপাৰেচন হ'ব নালাগে ।