তেজপুৰ,1 ফেব্ৰুৱাৰী: তেজপুৰ আৰু শুৱালকুছিত নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা আছু কৰ্মীক অসম আৰক্ষীয়ে বৰ্বৰ ভাবে প্ৰহাৰ কৰাৰ ঘটনাৰ বিৰুদ্ধে সোমবাৰে আছুৱে সাব্যস্ত কৰে ৰাজ্যজোৰা প্ৰতিবাদ ৷ ৰাজ্যৰ আনসমূহ জিলাৰ সমান্তৰালকৈ তেজপুৰতো আছুৱে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ আছুৰ তেজপুৰ আঞ্চলিকৰ সভাপতি অৰূপ তালুকদাৰ আৰু সম্পাদক দেৱাঞ্জল পাঠকৰ নেতৃত্বত ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰী সকলে ৷
তেজপুৰত আছুৱে দাহ কৰিলে মুখ্যমন্ত্ৰীৰ পুত্তলিকা - আছু কৰ্মীক অসম আৰক্ষীৰ বৰ্বৰ প্ৰহাৰ
অসমৰ বিভিন্ন জিলাৰ লগতে তেজপুৰতো তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ তেজপুৰ চহৰৰ বৰঘুলা চাৰিয়ালিত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে প্ৰতিবাদকাৰী সকলে ৷

তেজপুৰত আছুৱে দাহ কৰিলে মুখ্যমন্ত্ৰীৰ পুত্তলিকা
তেজপুৰত আছুৱে দাহ কৰিলে মুখ্যমন্ত্ৰীৰ পুত্তলিকা
আনহাতে গণতান্ত্ৰিক আন্দোলন মষিমূৰ কৰিবলৈ চেষ্টা কৰা ৰাজ্য চৰকাৰৰ এনে কাৰ্যক সহ্য কৰা নহব বুলি সকীয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷ মুখ্যমন্ত্ৰী সোণোৱাল পূৰ্বে এগৰাকী আছুৰ নেতা আছিল গতিকে তেঁও আন্দোলনৰ ভাষা বুজা উচিত বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়কঃমৰাণত চৰকাৰৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ