তেজপুৰ,24 ফেব্ৰুৱাৰী:সমাগত অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসক দল বিজেপিয়ে আৰম্ভ কৰিছে পৰিয়াল সম্পৰ্ক কাৰ্যসূচী ৷ সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হোৱা এই অভিযানৰ অংশ হিচাপে জামুগুৰিহাটতো ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰিয়াল সম্পৰ্ক কাৰ্যসূচী আৰম্ভ কৰে ৷ দলৰ এই পৰিয়াল সম্পৰ্ক কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে মঙলবাৰে চতিয়া সমষ্টিৰ দুটা পৰিয়ালৰ সৈতে আলোচনা কৰে ৷
শোণিতপুৰ জিলাৰ 75 নং চতিয়া বিধানসভা সমষ্টিৰ জামুগুৰিহাটত এক অনুষ্ঠানত অংশ লোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে পৰিয়াল দুটাক সাক্ষাৎ কৰে ৷ বিগত সময়ছোৱাত বিজেপি চৰকাৰে হাতত লোৱা উন্নয়নমূলক কামৰ খতিয়ানৰ এক তালিকা পৰিয়াল দুটাক প্ৰদান কৰে ৷