তেজপুৰ,১০ জুন : দুদিনীয়া ভ্ৰমণ সূচীৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজি শোণিতপুৰ জিলাত উপস্থিত হয়। অসম চৰকাৰৰ মীন বিভগৰ উদ্যোগত আৰু মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ আৰ্থিক সাহাৰ্যৰে ৰূপায়িত হোৱা"সজাত মীন পালন"আঁচনিখনৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। খনামুখৰ ১৭ মাইলৰ ভৰলীপৰীয়া আত্ম সহায়ক গোটদ্বাৰা ২১ লাখ ১৩ হাজাৰ ২০০ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এটা পুখুৰীত মাছৰ পোনা এৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আঁচনিখনৰ শুভৰাম্ভ কৰে। উক্ত অনুষ্ঠানত মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্য,চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা,মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেষ গোস্বামী,বিধায়ক গণেশ লিম্বু উপস্থিত থাকে ৷
শোণিতপুৰৰ বালিপৰাত "সজাত মীন পালন" আঁচনি মুকলি মুখ্যমন্ত্ৰীৰ - হৃষিকেষ গোস্বামী,বিধায়ক গণেশ লিম্বু
মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ আৰ্থিক সাহাৰ্যৰে ৰূপায়িত হোৱা "সজাত মীন পালন" আঁচনিখনৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
![শোণিতপুৰৰ বালিপৰাত "সজাত মীন পালন" আঁচনি মুকলি মুখ্যমন্ত্ৰীৰ শোণিতপুৰৰ বালিপৰাত "সজাত মীন পালন" আঁচনি মুকলি মুখ্যমন্ত্ৰীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7563568-thumbnail-3x2-tezpurcm.jpg)
শোণিতপুৰৰ বালিপৰাত "সজাত মীন পালন" আঁচনি মুকলি মুখ্যমন্ত্ৰীৰ
শোণিতপুৰৰ বালিপৰাত "সজাত মীন পালন" আঁচনি মুকলি মুখ্যমন্ত্ৰীৰ
লগতে চাওকঃ বাঘজানৰ তৈলখাদ বিস্ফোৰণ সন্দৰ্ভত অইল ইণ্ডিয়া লিমিটেডৰ প্ৰেছ বিজ্ঞপ্তি