অসম

assam

ETV Bharat / state

ভাৰত-তিব্বত-চীন সীমান্তত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু

সোমবাৰে ভাৰত-তিব্বত-চীন(Indo-Tibetan-China Border) সীমান্তত উপস্থিত হৈ ভাৰতীয় সেনা জোৱানসকলৰ সৈতে মত বিনিময় কৰে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু(Pema Khandu)ৱে ৷ সীমান্তত দিনে-নিশাই অতীন্দ্ৰ প্ৰহৰী হিচাপে কৰ্মৰত জোৱানসকলক প্ৰেৰণা আৰু উৎসাহ যোগায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

cm-of-arunachal-pradesh-pema-khandu-visited-to-indo-tibetan-china-border
ভাৰত-তিব্বত-চীন সীমান্তত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু

By

Published : Oct 25, 2021, 2:01 PM IST

তেজপুৰ, 25 অক্টোবৰ : সীমান্তত এক স্পৰ্শকাতৰ আৰু চেপা উত্তেজনা বিৰাজ কৰাৰ সময়তে সোমবাৰে ভাৰত-তিব্বত-চীন(Indo-Tibetan-China Border) সীমান্ত পৰিদৰ্শন কৰে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু(Pema Khandu)ৱে ৷

ভাৰত-তিব্বত-চীন সীমান্তত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু

পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাঙৰ Yangste Post ত থকা ভাৰতীয় সেনাৰ জোৱানসকলে 1500 ফুট উচ্চতাত ভাৰত-তিব্বত-চীন সীমান্তত দিনে-নিশাই প্ৰহৰী হিচাপে কৰ্মৰত হৈ আছে ৷

ভাৰত-তিব্বত-চীন সীমান্তত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু

সীমান্তত উপস্থিত হৈ এইসকল জোৱানক প্ৰেৰণা যোগায় মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে, সীমান্তত বৰফৰ মাজত দিনে-নিশাই পহৰা দি থকাৰ বাবেই আজি আমাৰ দেশ সুৰক্ষিত হৈ আছে । জোৱানসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে সীমান্তৰ বিভিন্ন ধৰণৰ সমস্যাৰ কথা আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ভাৰত-তিব্বত-চীন সীমান্তত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু

উল্লেখ্য যে, চলিত বৰ্ষৰ অক্টোবৰ মাহৰ প্ৰথম ভাগত চীনা সৈন্যই ভাৰতৰ ভূমিত প্ৰৱেশ কৰিবলৈ চলোৱা চেষ্টা বিফল কৰিবলৈ সক্ষম হৈছিল সেনা জোৱানসকলে । চীনা সৈন্যৰ এই কাৰ্যৰ পাচতে সীমান্তত অত্যাধিক সেনা আৰু অন্যান্য সুৰক্ষা বাহিনী মোতায়েন কৰা হয় ৷

লগতে পঢ়ক :৩ কোটি আৰু ইছলামিক ৰাষ্ট্ৰ ভ্ৰমণ : নতুন মোৰ লৈছে ৰৌণক কাণ্ডই

ABOUT THE AUTHOR

...view details