অসম

assam

By

Published : May 25, 2022, 8:27 PM IST

ETV Bharat / state

চাহ বাগিছাত উচ্চ শিক্ষা : ৰঙাপৰাত ৬খন বিদ্যালয়ৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

ৰাজ্যৰ চাহ বাগিছাৰ শৈক্ষিক ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা ৷ বুধবাৰে মাংগলিক অনুষ্ঠানৰ মাজেৰে ৰঙাপৰা সমষ্টিত ৬খন নৱনিৰ্মিত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM inaugurates six newly constructed schools in Rangapara)৷

cm-inaugurates-six-newly-constructed-schools-in-rangapara
চাহ বাগিছাত উচ্চ শিক্ষা : ৰঙাপৰাত ৬খন বিদ্যালয়ৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

ৰঙাপৰা, 25 মে' : চাহ বাগিছা অঞ্চলত শিক্ষাৰ উত্তৰণৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা । ইতিমধ্যে, 2002 চনত ৯৬ খন চাহ বাগিচাত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্থাপন কৰিছিল ৰাজ্য চৰকাৰে । তেনেদৰে বুধবাৰে ৰঙাপৰা বিধানসভা সমষ্টিত নৱনিৰ্মিত ৬খন আদৰ্শ হাইস্কুল আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM inaugurates six newly constructed schools in Rangapara)।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ ৰঙাপৰাত ৬খন আদৰ্শ হাইস্কুলত শিক্ষা ব্যৱস্থা মুকলি হোৱাৰ পাছতে চাহ বাগিচাসমূহত শৈক্ষিক পৰিবেশ গঢ়ি উঠিব বুলি আশা প্ৰকাশ কৰিছে ৰাইজে ।

আনহাতে প্ৰতিকূল বতৰৰ মাজতে বুধবাৰে প্ৰথমতে তেজপুৰ-ঘগৰা চাহ বাগিচাত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । উক্ত চাহ বাগিচাখনত নৱনিৰ্মিত আদৰ্শ হাইস্কুলৰ শুভ উদ্বোধন কৰি সোনাজুলি চাহ বাগিচাত নিৰ্মাণ হোৱা আদৰ্শ বিদ্যালয়খনৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

চাহ বাগিছাত উচ্চ শিক্ষা : ৰঙাপৰাত ৬খন বিদ্যালয়ৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

সোনাজুলি নাথগাঁৱৰ গায়ন-বায়ন আৰু ঝুমুৰ নৃত্যৰ দলে নৃত্য-গীত প্ৰদৰ্শনেৰে মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনায় । মাংগলিক অনুষ্ঠান আৰু আয়তিসকলৰ উৰুলিৰ মাজত ফিটা কাটি বিদ্যালয় কেইখনৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । ইয়াৰ পিচতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি বক্তব্য দাঙি ধৰে ।

লগতে পঢ়ক :চাহ বাগিছা অঞ্চলসমূহলৈ উচ্চ শিক্ষাৰ আগমন

ABOUT THE AUTHOR

...view details