তেজপুৰ, 28 নৱেম্বৰ :তেজপুৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা গৰজি উঠিল বৰাকৰ বিতৰ্কিত নেতা প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে(Himanta Biswa Sarma at Tezpur) ৷ তেজপুৰ কলেজিয়েট হাইস্কুল খেল পথাৰত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে উত্থাপন কৰে কেইবাটাও অভিযোগ ৷ ড৹ শৰ্মাই কয় যে, এক ৰাজনৈতিক ষড়যন্ত্ৰৰ অংশ হৈ ৰাজ্যৰ হিন্দু সকলক ভাগ ভাগ কৰাৰ চেষ্টা চলাই আছে প্ৰদীপ দত্ত ৰয়ে ৷ ইয়াৰোপৰি নিজকে এগৰাকী গৌৰৱী অসমীয়া তথা হিন্দু বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
উল্লখযোগ্য যে, শনিবাৰে কাছাৰ আৰক্ষীয়ে বিতৰ্কিত বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ(Pradeep Dutta Roy arrested) কৰাৰ আগেয়ে এক সংবাদমেল যোগে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই বিতৰ্কিত নেতাজনক সকিয়নী প্ৰদান কৰাও দেখা গৈছিল (CM Himanta Warned Pradeep Dutta Roy) । তেওঁ কৈছিল যে, "আগৰ চৰকাৰবোৰৰ কথা নাজানো । কিন্তু এইখন চৰকাৰ বহুত টান । মই মুখ্যমন্ত্ৰী, কেনেকৈ কেতিয়া কি কাম কৰিব লাগে মই জানো ।''