অসম

assam

ETV Bharat / state

ৰঙাপৰাত হ’বলগীয়া মুখ্যমন্ত্ৰীৰ সকলো কাৰ্যসূচী বাতিল - জীয়াভৰলী নদীৰ খনন কাৰ্য্য

ৰঙাপৰাত শনিবাৰে কেতবোৰ বিশেষ চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা আছিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু এতিয়া বাতিল হ’ল কাৰ্যসূচী (CM Himanta cancels all the meetings in Rangapara) ৷ কি কাৰণত মুখ্যমন্ত্ৰী গৰাকীৰ সকলো কাৰ্যসুচী বাতিল কৰা হ’ল, তাক লৈ এতিয়া চলিছে জল্পনা-কল্পনা ৷

cm-himanta-cancels-all-the-meetings-in-rangapara
ৰঙাপৰাত হ’বলগীয়া মুখ্যমন্ত্ৰীৰ সকলো কাৰ্যসূচী বাতিল

By

Published : Jan 22, 2022, 11:49 AM IST

ৰঙাপৰা, 22 জানুৱাৰী : শোণিতপুৰ জিলাৰ ৰঙাপৰাত শনিবাৰে অনুষ্ঠিত হ’বলগীয়া আছিল কেতবোৰ বিশেষ চৰকাৰী কাৰ্যসূচী ৷ সম্প্ৰতি এই সকলো চৰকাৰী কাৰ্যসূচী বাতিল কৰা হৈছে (CM program cancelled in Rangapara) ।

মন কৰিবলগীয়া যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰঙাপৰাত চাৰিটাকৈ কাৰ্যসূচী অংশগ্ৰহণ কৰাৰ কথা আছিল । অৱশ্যে কি কাৰণত মুখ্যমন্ত্ৰী শৰ্মাৰ সকলো কাৰ্যসূচী বাতিল কৰা হ’ল, তাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই (CM Himanta cancels all the meetings in Rangapara) ৷

ৰঙাপৰাত হ’বলগীয়া মুখ্যমন্ত্ৰীৰ সকলো কাৰ্যসূচী বাতিল

প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠাৰ পাছতো বাতিল কৰা হ’ল ৰঙাপৰাৰ উৰণীয়া সেঁতুৰ শুভ উদ্বোধন, নৱনিৰ্মিত আৱৰ্ত ভৱন শুভ উদ্বোধন তথা চাৰিদুৱাৰ বীৰ সৈনিক নৰেন চন্দ্ৰ দাস বাসগৃহৰ কাৰ্যসূচীৰ লগতে জীয়াভৰলী নদীৰ খনন কাৰ্যৰ শুভাৰম্ভ কাৰ্যসূচী ৷

ইফালে, শনিবাৰে হ’বলগীয়া এই সকলো কাৰ্যসূচী বাতিল কৰা হ’ল, যদিও পৰৱৰ্তী কাৰ্যসূচী হিচাপে ২৫ জানুৱাৰীত ৰঙাপৰাৰ বিভিন্ন দল-সংগঠনে আৰু ৰাইজৰ বহুদিনীয়া দাবীৰ অন্তত নিৰ্মাণ হোৱা উৰণীয়া সেঁতুৰ এটা অংশ শুভ উদ্বোধন কৰিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :অসম-মেঘালয় সীমান্তৰ বিবদমান এলেকা পৰিদৰ্শন কৰি চৰকাৰক প্ৰতিবেদন দিব আছুৱে

ABOUT THE AUTHOR

...view details