অসম

assam

By

Published : May 24, 2022, 10:04 AM IST

ETV Bharat / state

Model high school in tea garden area : মুখ্যমন্ত্ৰীৰ উদ্বোধনৰ পূৰ্বে বিদ্যালয় পৰিদৰ্শন সাংসদ পল্লৱলোচন দাসৰ

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শোণিতপুৰত মুকলি কৰিব চাহ বাগিচাৰ কেইবাখনো মডেল উচ্চ মাধ্যমিক বিদ্যালয় (Assam CM to unveil high school at Tea Garden in Sonitpur) । যাৰ বাবে বিদ্যালয় কেইখনৰ সামগ্ৰিক খতিয়ান লোৱাৰ উদ্দেশ্যে সোমবাৰে তেজপুৰত উপস্থিত হয় সাংসদ পল্লৱলোচন দাস, জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু জিলাখনৰ অন্যান্য বিষয়াসকল ৷

Assam CM to unveil high school at Tea Garden in Sonitpur
হিমন্ত বিশ্ব শৰ্মাই শোণিতপুৰ মুকলি কৰিব চাহ বাগিচাৰ কেইবাখনো মডেল উচ্চ মাধ্যমিক বিদ্যালয়

তেজপুৰ, 24 মে' :অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ কেইবাখনো মডেল উচ্চ মাধ্যমিক বিদ্যালয় মুকলি কৰিব (Model high school in tea garden area) ৷ যাৰ বাবে সোমবাৰে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস উপস্থিত হয় এই বিদ্যালয়সমূহ (Pallab Lochan Das visited Model high school in tea garden area) ত ৷

সামগ্ৰিক পৰিস্থিতিৰ বুজ ল’লে সাংসদ পল্লৱলোচন দাসে

তেজপুৰ লোকসভা সমষ্টিৰ সাংসদগৰাকীৰ লগতে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু জিলাখনৰ অন্যান্য বিভাগৰ বিষয়াসকলে এই বিদ্যালয়সমূহৰ এক সামগ্ৰিক খতিয়ান তথা পৰিস্থিতিৰ বুজ লয় । আনকি সাংসদগৰাকীৰ লগতে জিলা উপায়ুক্ত তথা অন্যান্য বিষয়ববীয়া আৰু শিক্ষাৰ্থীসকলে একেলগে বিদ্যালয়তে দুপৰীয়াৰ আহাৰো গ্ৰহণ কৰে ।

দুপৰীয়াৰ আহাৰ গ্ৰহণ

উল্লেখ্য যে, জ্ঞানৰ পোহৰ বিলোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে অসমৰ চাহ বাগিচা অঞ্চলসমূহত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গঢ়ি তোলাৰ এক প্ৰয়াস কৰিছিল ৷ যাৰ বাবে ৰাজ্যৰ 119 খন মডেল উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনৰ কাম হাতত লৈছিল ৰাজ্য চৰকাৰে (High schools in Assam tea estates) ৷ আনকি 2020 চনৰ 2 নৱেম্বৰত এই বিদ্যালয়সমূহৰ আধাৰশিলা স্থাপন কৰা হৈছিল । বৰ্তমান এই বিদ্যালয়সমূহৰ নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷

জানিব পৰা মতে, ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত ঘগ্ৰা, শুনাজুলি, ঠাকুৰবাৰী, নাহৰণিকে ধৰি কেইবাখনো চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মুকলি কৰা হ’ব এই বিদ্যালয় । আনকি এই বিদ্যালয়সমূহ চাহ বাগিচাৰ স্মৰণীয় ব্যক্তিসকলৰ নামত উৎসৰ্গিত কৰাৰ সম্ভাৱনা আছে বুলিও জানিব পৰা গৈছে ৷ বুধবাৰে এই বিদ্যালয়ৰ মুকলি অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মধ্যাহ্ন ভোজন গ্ৰহণ কৰাৰো সম্ভাৱনা আছে ৷

হিমন্ত বিশ্ব শৰ্মাই শোণিতপুৰত মুকলি কৰিব চাহ বাগিচাৰ কেইবাখনো মডেল উচ্চ মাধ্যমিক বিদ্যালয়

মন কৰিবলগীয়া যে, 2020 ৰ পহিলা নৱেম্বৰত শোণিতপুৰৰ বৰছলা সমষ্টিত এখন, ঢেকীয়াজুলি সমষ্টিত তিনিখন আৰু ৰঙাপৰা সমষ্টিত ছয়খন মডেল উচ্চ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে তদানীন্তন শিক্ষা মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰে ৰঙাপৰা সমষ্টিৰ তিনিখন বিদ্যালয় ক্ৰমে ফুলবাৰী, নাহৰণি আৰু ঠাকুৰবাৰীৰ নিৰ্মাণকাৰ্য কিছু পৰিমাণে এতিয়াও বাকী আছে ৷

লগতে পঢ়ক :কেতিয়া আৰম্ভ হ’ব চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়সমূহত শিক্ষাদান ?

ABOUT THE AUTHOR

...view details