অসম

assam

ETV Bharat / state

সোণোৱালে গালে গছে গছে পাতি দিলে ফুলৰে শৰাই

মুখ্যমন্ত্ৰী সোণোৱালৰ মুখত শ্যেলীৰ কবিতা ৷

তেজপুৰত মহিলা কবি সন্মিলন

By

Published : Nov 23, 2019, 5:29 PM IST

তেজপুৰ,২২ নবেম্বৰ : তেজপুৰত এক ব্যতিক্ৰমী ৰূপত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ শ্যেলীৰ কবিতাৰে মহিলা কবি সন্মিলনত ভাষণ ৰাখিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেজপুৰত শুক্ৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় মহিলা কবি সন্মিলনৰ বন্তি প্ৰজ্বলন কৰি শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

তেজপুৰত মহিলা কবি সন্মিলন

কবি সকলক মাতৃৰ লগত তুলনা কৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গছে গছে পাতি দিলে গীতটি আওৰাই মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ঐক্য শাস্তি ভাতৃত্ববোধ প্ৰাকৃতিক ভাৰসাম্য আৰু বৰবিহ ড্ৰাগছৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা চাৰি শতাধিক মহিলা কবিক সজাগতা সৃষ্টিৰ অৰ্থে কবিতা লিখিবলৈ আহ্বান জনায় সোণোৱালে। লক্ষ্যণীয় ভাৱে সাংবাদিকে প্ৰশ্ন কৰাৰ পিচতো ৰাজ্যৰ সৰ্বত্ৰে আন্দোলনৰ সৃষ্টি কৰা নাগৰিকত্ব সংশোধনী বিধেয়ক চমুকৈ কেবৰ প্ৰসংগ সম্পূৰ্ণভাৱে এৰাই চলে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details