তেজপুৰ, 16 নৱেম্বৰ:জম্মু-কাশ্মীৰৰ উৰি ছেক্টৰত কৰ্তব্যৰত অৱস্থাত পাকিস্তানী সেনাৰ হাতত প্ৰাণ হেৰুওৱা শ্বহীদ সেনা জোৱান হৰধন চন্দ্ৰ ৰায়ৰ পৰিয়ালবৰ্গক অসম চৰকাৰৰ ফালৰ পৰা 20 লাখ টকাৰ এককালীন সাহাৰ্য দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ দেওবাৰে গুৱাহাটীৰ সামৰিক চিকিৎসালয় শ্বহীদ সেনা জোৱানগৰাকীক ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ সময়ত উপস্থিত থাকি অসমে এজন বীৰ সন্তান হেৰুৱালে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে ৷
লগতে পঢ়ক:নিজ মাতৃভূমি আহি পালে শ্বহীদ হৰধন চন্দ্ৰ ৰায়ৰ নশ্বৰদেহ
প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই জানিবলৈ দিয়া মতে সেনাৰ নিয়ম অনুসৰি ৰয়ৰ নশ্বৰ দেহ নিজ বাসগৃহলৈ নি সোমবাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব ৷ দেওবাৰে বায়ুসেনাৰ বিশেষ বিমানযোগে বৰঝাৰ বিমানবন্দৰৰ বায়ু সেনা ষ্টেচনলৈ বীৰ জোৱানগৰাকীৰ নশ্বৰদেহ লৈ অনা হয় ৷ শুকুৰবাৰে জম্মু-কাশ্মীৰৰউৰি ছেক্টৰত যুদ্ধ বিৰতি নীতি উলংঘা কৰি পাক সেনাই চলোৱা আক্ৰমণত সেনা জোৱান গৰাকী শ্বহীদ হৈছিল ৷