তেজপুৰ,৭ ফেব্ৰুৱাৰী: নামঘৰৰ মাজেদিয়েই সমাজখন শৃংখলিতভাৱে চলি আছে ৷ এই মন্তব্য দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীৰ (Dakshinpat satra satradhikar Nanigopal Devgoswami) ৷ উল্লেখ্য যে ৪ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ আয়োজিত শ্ৰীশ্ৰীবাসুদেৱ নামঘৰ শাখা সত্ৰ, দক্ষিণপাট, ধূণাগুৰি, উলুবাৰীৰ দ্বি-শতবাৰ্ষিকী অনুষ্ঠানৰ সোমবাৰে সন্ধিয়া সামৰণি পৰে (Basudev Namghar satra bi centenary programme) ৷
সোমবাৰে বিয়লি অনুষ্ঠিত মুকলিসভাত হেজাৰোধিক ভক্ত-বৈষ্ণৱ তথা ৰাইজৰ উপস্থিতিত সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীয়ে লগতে কয়, মানৱ জীৱনৰ লক্ষ্য হৈছে মুক্তি ৷ মুক্তি পাবলৈ সমাজত আধ্যাত্মিক গুৰুৰ জন্ম হ'ল (closing ceremony of bi centenary of Basudev satra) ৷ শৰণ-ভজনৰ ব্যৱস্থা হ’ল ৷ সমাজ আৰু পৰিয়ালক আগবঢ়াই নিবপৰাকৈ মানুহ উপযুক্ত হৈ উঠিল ৷
মানৱ জীৱনৰ তত্ত্ব ব্যাখ্যা কৰাৰ লগতে পঞ্চতত্ত্বৰ বিষয়েও উল্লেখ কৰি তেওঁ আৰু কয় যে বান্দৰ হৈ জন্ম হোৱাৰ পিচতহে জীৱই মানুহৰ জন্ম পায় ৷ কিন্তু মানুহ হোৱাৰ পিচত কি হ’ব বা কি হৈ জন্ম ল’ব, সেয়া ভগৱানৰ হাতত নাথাকিল ৷ কাৰণ মানুহৰ কৰ্মইহে সেয়া নিৰ্ধাৰণ কৰিব, পৰমাত্মাই নিৰ্ণয় কৰিব ৷ সেয়ে যদি আমাৰ কৰ্ম সঠিক হয়, আমাৰ লক্ষ্যও সুদৃঢ় হয় ৷ আনহাতে, যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিশ্বজিৎ বড়োৱে সভাপতিৰ আসনৰ পৰা মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দিনৰে পৰাই নামঘৰ আৰু সত্ৰসমূহে মানুহৰ মাজত শৈক্ষিক, সামজিক আৰু সাংস্কৃতিক সমন্বয় স্থাপন কৰাত গুৰুত্বপৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ৷
সেয়ে, মহাপুৰুষ দুজনাৰ জীৱন-কীৰ্তি আৰু কৰ্মৰাজি মানৱ সমাজত অনন্তকাললৈকে প্ৰবাহিত হৈ থাকিব বুলি তেওঁ উল্লেখ কৰে ৷ বৰ্তমানৰ উন্নত বিজ্ঞান-প্ৰযুক্তিবিদ্যা সুলভ হৈ পৰাৰ সময়তো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শই এখন সমাজক সুসংগঠিত কৰি ৰাখিছে, ভাতৃত্ববোধ আৰু পাৰস্পৰিক সমন্বয়, শ্ৰদ্ধা-ভক্তি, ন্যায় আৰু সমতা স্থাপন কৰিছে ৷ স্থানীয় যুৱক বেদান্ত বড়োৱে আঁত ধৰা সভাখনত সামজসেৱক তথা শোণিতপুৰ জিলা বিজেপিৰ সভাপতি বাতাচ ওৰাং উপস্থিত থাকে ৷