তেজপুৰ, ১১ আগষ্ট :এক দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানৰ দিশত । এতিয়া আৰু দূৰত্ব নাথাকে তেজপুৰ আৰু জামুগুৰিহাটৰ মাজত । জীয়া ভৰলী নদীৰ ওপৰত নিৰ্মাণ হোৱা ঐতিহাসিক চকীঘাট দলকঙৰ নিৰ্মাণৰ কাম সমাপ্তিৰ দিশত ।
শোণিতপুৰ জিলাৰ সদৰ তেজপুৰ আৰু চতিয়া সমষ্টিৰ জামুগুৰিহাটক সংযোগী কৰা ১.২ কিলোমিটাৰ এই চাৰিলেন যুক্ত দলংখনে প্ৰায় ৩৫ কিলোমিটাৰ দূৰত্ব হ্ৰাস কৰিব যোগাযোগৰ ক্ষেত্ৰত । পূৰ্বতে তেজপুৰৰ পৰা জামুগুৰিহাত বা বিশ্বনাথ চাৰিআলিলৈ বালিপৰা হৈ প্ৰায় ৬৫ কিলোমিটাৰ দীৰ্ঘ বাট প্ৰায় ২ ঘণ্টা সময়ৰ প্ৰয়োজন হৈছিল । এতিয়া বিশ্বনাথ চাৰিআলি মাত্ৰ ৪৫ মিনিটৰ ভিতৰতে উপস্থিত হ’ব পৰা যাব ।
এই দলং নিৰ্মাণক লৈ বহুতো ৰাজনৈতিক নেতাই নিৰ্বাচনী বৈতৰণী পাৰ কৰিলে । প্ৰাক্তন তেজপুৰ লোকসভাৰ জনতা দলৰ প্ৰাক্তন সাংসদ পূৰ্ণ নাৰায়ণ সিংহই এই দলং নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়াইছিল । মুঠ ১৮৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই দলংখনে বহুদিনৰ আশা পূৰণ কৰি পৰ্যটন ক্ষেত্ৰত বিশেষ উদগনি যোগাব ।