তেজপুৰ, 6 ডিচেম্বৰ : পুনৰ ভাৰত ভূমিত ৰঙা চীনৰ আগ্ৰাসন ৷ অৰুণাচল প্ৰদেশৰ পশ্চিম অঞ্চলৰ তাৱাঙৰ বুম-লাৰ ওচৰত চীনৰ 3 খন নতুন গাঁও স্থাপন কৰা বুলি জানিব পৰা গৈছে ৷
পুনৰ ভাৰত ভূমিত ৰঙা চীনৰ আগ্ৰাসন - সংস্থাপন
21:03 December 06
বুম-লাৰ ওচৰত চীনৰ 3 খন নতুন গাঁও স্থাপন
ইতিমধ্যে, চীনাসকলে চীনৰ মানচিত্ৰত 65,000 বৰ্গ কিলোমিটাৰ ভূমি অন্তভূৰ্ক্ত থকাৰ দাবী কৰিছে ৷ এই সম্পৰ্কত ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লে. কৰ্ণেল হৰ্ষ বৰ্ধনে তদন্ত আৰম্ভ কৰাৰ কথা ব্যক্ত কৰিছে ৷
উল্লেখ্য যে, চীনে সীমান্তৰ পৰা প্ৰায় 415 কিলোমিটাৰ আঁতৰৰ বুম-লাৰ 'মেক-মোহন' লাইনৰ ঠিক পিছফালে লোকসকলক সংস্থাপন কৰা বুলি জানিব পৰা গৈছে ৷ উক্ত অঞ্চল যাতায়তৰ বাবে যথেষ্ট অনুপযোগী যদিও চীনে নিৰ্মাণ কাৰ্য চলাই থকা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক :কছাৰীবড়ীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ