জেমিথাং, 11 নৱেম্বৰ :অৰুণাচল প্ৰদেশৰ বিবদমান অঞ্চলত চীনা সৈন্যই গাঁও স্থাপন কৰাৰ প্ৰতিবেদন দাখিল কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱাই । চীনৰ PLA সৈন্য বাহিনীৰ পূৰ্বতকৈ অধিক তৎপৰতাৰ প্ৰতি লক্ষ্য ৰাখি সীমান্তক লৈ তৎপৰ হৈছে নতুন দিল্লীও । উল্লেখ্য যে, ভাৰতৰ পূৱ প্ৰান্তত অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত অসম ৰাইফলছৰ এটা শিবিৰ দখল কৰি চীনে গাঁও নিৰ্মাণ কৰাৰ তথ্য প্ৰকাশ কৰিছে পেণ্টাগণে ।
LAC ৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ দূৰত্বত চুং ডোং অঞ্চলটোত চীনে নিৰ্মাণ কৰিছে এই গাঁওখন ৷ ইতিমধ্যে চেটেলাইটৰ জৰিয়তে লোৱা গাঁওখনৰ ফটো প্ৰকাশ পাইছে দেশ-বিদেশৰ সংবাদ মাধ্যমত ৷ চীনে নিৰ্মাণ কৰা গাঁওখনত মুঠ 101 টা পৰিয়াল আছে ৷ পেণ্টাগণৰ প্ৰতিবেদন প্ৰকাশ পোৱা তথ্য অনুসৰি, 1962 চনৰ পৰাই চীনৰ দখলত আছে এই অঞ্চলটো ৷ প্ৰাপ্ত তথ্য অনুসৰি 1959 চনৰ আগলৈকে সেই অঞ্চলত অসম ৰাইফলছৰ এটা শিবিৰ আছিল যদিও 1962 ৰ যুদ্ধৰ পাচত সেই শিবিৰ প্ৰত্যাৱৰ্তন কৰা হয় ৷ পৰৱৰ্তী সময়ত সেই স্থানতে চীনে নিৰ্মাণ কৰে এই গাঁওখন ৷