অসম

assam

ETV Bharat / state

ভাৰতৰ ভূমিত চীনা সৈন্যৰ কাঠৰ দলং, এইবাৰো স্থান অৰুণাচল - অৰুণাচলত ভাৰতীয় সেনা আৰু চীনা সেনাৰ মুখামুখি

ভাৰতৰ পূব সীমান্তত থকা ৰঙা চীনৰ শেন চকু পৰি আহিছে ভাৰতৰ ভূমিত ৷ ডোকলামৰ পিচৰে পৰাই চীনে ভাৰতৰ ভূমিত ভয়ানক আগ্ৰাসন চলাই আহিছে ৷ শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ আনজাও জিলাত চীনা সৈন্যই নিৰ্মাণ কৰিছে দুখনকৈ কাঠৰ দলং ৷ সমগ্ৰ ঘটনা পোহৰলৈ আনিছে পূব অৰুণাচল সংসদীয় সমষ্টিৰ সাংসদ তথা অৰুণাচল বিজেপিৰ সভাপতি টাপিৰ গাৱে ৷

ভাৰতৰ ভূমিত চীনা সৈন্যৰ কাঠৰ দলং, এইবাৰো স্থান অৰুণাচল

By

Published : Sep 4, 2019, 7:59 PM IST

তেজপুৰ, 4 ছেপ্তেম্বৰঃ বাৰে বাৰে ভাৰতৰ ভূমিত চকু দি আহিছে ৰঙা চীনে ৷ শেহতীয়াকৈ ভাৰতৰ ভূমিত চীনে নিৰ্মাণ কৰিলে কাঠৰ দলং ৷ প্ৰায় এমাহ পূৰ্বে চীনা সৈন্যই ভাৰতৰ ভূমিত নিৰ্মাণ কৰে দুখনকৈ কাঠৰ দলং ৷ সমগ্ৰ ঘটনাটো পোহৰলৈ আনিছে পূব অৰুণাচল সমষ্টিৰ সাংসদ তথা অৰুণাচল বিজেপিৰ সভাপতি টাপিৰ গাৱে ৷

ভাৰতৰ ভূমিত চীনা সৈন্যৰ কাঠৰ দলং, এইবাৰো স্থান অৰুণাচল

ইটিভি ভাৰতে ধাৰাবাহিকভাৱে প্ৰকাশ কৰি আহিছে চীনা সৈন্যৰ ভয়ংকৰ আগ্ৰাসনৰ প্ৰতিবেদন ৷ 2018 চনৰ ছেপ্তেম্বৰ মাহত চীনা সৈন্যই অৰুণাচল প্ৰদেশৰ দিবাং ভেলিৰ সমীপত কেম্প পাতি আছিল আৰু সমগ্ৰ ঘটনাটো পোহৰলৈ আহিছিল অক্টোবৰ মাহত ৷ বিগত 28 আগষ্টত ইটিভি ভাৰতে পোহৰলৈ আনিছিল চীনা সৈন্যৰ আন এক আগ্ৰাসী প্ৰতিবেদন ৷ পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ জং মহকুমাৰ "টাচৌ" গাঁৱৰ সমীপত "হলি জলপ্ৰপাতৰ" আৰু "য়াংকিয়ন"ত সোমাই আহিছিল চীনা সৈন্যৰ দল ৷ উক্ত স্থানত দুবাৰকৈ প্ৰৱেশৰ চেষ্টা চলাইছিল চীনা সৈন্যই ৷ কিন্তু ভাৰতীয় সেনাই খেদি পঠিয়াবলৈ সক্ষম হৈছিল চীনা সৈন্যৰ দলটোক ৷ উক্ত স্থানত ভাৰতীয় সেনাৰ বৰ্ডাৰ ৰ'ডছ অৰ্গেনাজেশ্বনে এটা পথ নিৰ্মাণ কৰি আছে আৰু উক্ত নিৰ্মাণকাৰ্যত বাধা প্ৰদান কৰিবলৈয়ে দুবাৰকৈ ভাৰতৰ ভূমিত প্ৰৱেশৰ চেষ্টা চলাইছিল চীনা সৈন্যই ৷

শেহতীয়াকৈ চীনা সৈন্যই নিৰ্মাণ কৰা কাঠৰ দলঙে চীনৰ ভয়ংকৰ আগ্ৰাসী নীতিৰ পূৰ্বানুমান স্পষ্ট কৰি তুলিছে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে বাৰ্তালাপ কৰে সাংসদ টাপিৰ গাৱে ৷ সমগ্ৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰক যথেষ্ট গুৰুত্বসহকাৰে গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে সীমান্ত অঞ্চলত আন্তঃগাঁথনিমুলক কাম-কাজৰ নিৰ্মাণ পূৰ্ণগতিত সম্পূৰ্ণ কৰি তোলাৰ দাবী উত্থাপন কৰে সাংসদগৰাকীয়ে ৷

আনহাতে সমগ্ৰ ঘটনাৰ সত্যতাক অস্বীকাৰ কৰিছে ভাৰতীয় সেনাই ৷ ভাৰতীয় সেনাৰ তৰফৰ পৰা ই-মেইলযোগে সমগ্ৰ ঘটনাটো অস্বীকাৰ কৰা হৈছে ৷ সেনাই উক্ত স্থানত চীনা সৈন্যৰ অৱস্থিতি অস্বীকাৰ কৰাৰ লগতে সমগ্ৰ অঞ্চলটো জনবসতিশূণ্য বুলি জনাইছে ৷ ভাৰতীয় সেনাৰ নিৰীক্ষণত থকা উক্ত অঞ্চলটোত পেট্ৰ'লিঙৰ বাবেই অস্থায়ীৰূপে উক্ত কাঠৰ দলং নিৰ্মাণ কৰা হৈছে বুলি স্পষ্ট কৰি দিয়ে ভাৰতীয় সেনাই ৷

ABOUT THE AUTHOR

...view details