তেজপুৰ, ৬ আগষ্ট :ভাৰত-চীন সীমান্তৱৰ্তী কিছু যুৱকক চীনে পি এল এত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰচেষ্টাৰ এক খবৰ একাংশ সংবাদ মাধ্যমে প্ৰকাশ কৰাৰ পাচতে অৰুণাচল প্ৰদেশত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ Guarding India নামৰ এটা ৱেবছাইটত প্ৰকাশ পোৱা তথ্য অনুসৰি চীন চৰকাৰে অৰুণাচল প্ৰদেশৰ একাংশ যুৱকক চীনৰ পিপলছ লিবাৰেচন আৰ্মীত ভৰ্তি কৰাৰ পৰিকল্পনা কৰিছে ৷ লগতে অৰুণাচল সীমান্তৰ তিব্বতী আৰু দৰিদ্ৰ পৰিয়ালৰ যুৱকক অস্ত্ৰশস্ত্ৰ প্ৰদান কৰি গোপনে সামৰিক প্ৰশিক্ষণ দিয়াৰো চেষ্টা কৰিছে চীন চৰকাৰে ৷
এই খবৰ প্ৰকাশ পোৱাৰ পাচতে অধিক আতংকিত হৈ পৰিছে অৰুণাচল প্ৰদেশৰ জন সাধাৰণ ৷ ভাৰতৰ বিৰুদ্ধে চীনৰ এই কূটনৈতিক কৌশলৰ বিৰোধিতা কৰি শেহতীয়াকৈ এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অৰুণাচল প্ৰদেশৰ বিধায়ক নিনং এৰিঙে ৷ কংগ্ৰেছৰ বিধায়ক তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়,"যদি এই তথ্য সঁচা হয় তেন্তে ভাৰতৰ বিৰুদ্ধে চীনৰ এই প্ৰচেষ্টা এক ডাঙৰ ষড়যন্ত্ৰ" ৷
লগতে পঢ়ক: অৰুণাচলক লৈ চীনে দৃষ্টিভংগী সলনি কৰক : নিনং এৰিং
এৰিঙে কয়, চীনে যদি এই পন্থা অৱলম্বন কৰিছে এইয়া পৰিতাপৰ বিষয় ৷ ভাৰতীয় প্ৰতিৰক্ষা বিভাগে এই বিষয়টো অধিক গুৰুত্ব সহকাৰে লোৱা প্ৰয়োজন আছে ৷ চীনৰ এই কূটনৈতিক ষড়যন্ত্ৰ প্ৰতিৰোধ কৰিবৰ বাবে অতি সোনকালে ভাৰতীয় প্ৰতিৰক্ষা বিভাগে অৰুণাচলীৰ যুৱকক ভাৰতীয় সৈন্যত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাই নিনং এৰিঙে ৷
সাংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি চীনে অৰুণাচলৰ যুৱক-যুৱতীসকলক চীন পিপলছ লিবাৰেচন আৰ্মীত নিয়োগ কৰি অৰুণাচল প্ৰদেশক চীনৰ অংশ কৰি ল'বলৈ চেষ্টা কৰি আছে । চীনে পূৰ্বৰে পৰা অৰুণাচল প্ৰদেশত ভাৰতীয় সেনা তথা ভাৰত বিৰোধী এক ঢৌ সৃষ্টি কৰিবলৈ বিচাৰি আছে ৷ যদি ভাৰতীয় সেনাৰ তৰফৰ পৰা এই বিষয়ত স্পষ্টকৈ কোনো মতামত প্ৰকাশ তথা ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে চীনৰ এই ষড়যন্ত্ৰই ভাৰতৰ বিৰুদ্ধে এক বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে বুলি মন্তব্য প্ৰকাশ কৰে নিনং এৰিঙে ৷
লগতে পঢ়ক:চীনক প্ৰত্যাহ্বান জনাবলৈ অৰুণাচল সীমান্তত সাজু ভাৰতীয় সেনা