অসম

assam

By

Published : Jan 27, 2022, 7:34 PM IST

ETV Bharat / state

China hands over missing Miram Taron:অৱশেষত চীনা সেনাই ভাৰতীয় সেনাক গতালে অৰুণাচলৰ সন্ধানহীন যুৱকক

১৮ জানুৱাৰীত অৰুণাচলৰ যুৱক মিৰাম টেৰণক চীনা সেনাই অপহৰণ কৰি লৈ যোৱাৰ পাছতে সমগ্ৰ দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । অৰুণাচল চৰকাৰ, ভাৰত চৰকাৰ আৰু ভাৰতীয় সেনা বাহিনীৰ প্ৰচেষ্টাত অৱশেষত চীনা সেনাই যুৱকজনক হস্তান্তৰ কৰে (China hands over missing Arunachal teen to Indian army )। সবিশেষ জানো আহক ৷

China hands over missing Miram Taron
চীনা সেনাই ভাৰতীয় সেনাক গতালে অৰুণাচলৰ সন্ধানহীন যুৱকক

তেজপুৰ,২৭ জানুৱাৰী : সম্পূৰ্ণ ১০ দিনৰ অন্তত অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ যদৌ গাৱঁৰ অপহৃত মিৰাম টেৰণক চীনা সৈন্যই ভাৰতীয় সেনাৰ হাতত হস্তান্তৰ কৰে (China hands over Miram Taron to Indian Army )। পূব অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ কিবেটুৰ সমীপত ৱাচা-ডামাই নামৰ LAC ভাৰত-চীন সংগমস্থলীত চীনা সেনাই বৃস্পতিবাৰে ভাৰতীয় সেনাৰ হাতত অৰ্পণ কৰে যুৱকজনক । আঞ্জাও জিলাৰ হাৱাইৰ পৰা ৭০ কিলোমিটাৰ আৰু উজনি চিয়াঙৰ পৰা দুখন জিলা অতিক্ৰম কৰি পোৱা যায় এই কিবেটু ।

চীনা সেনাই ভাৰতীয় সেনাক গতালে অৰুণাচলৰ সন্ধানহীন যুৱকক

এই তথ্য কেন্দ্ৰীয় আইন মন্ত্ৰী তথা অৰুণাচল প্ৰদেশৰ সাংসদ কিৰেন ৰিজিজুয়ে সদৰি কৰে (Union law minister kiren Rijiju) । তেওঁ টুইটযোগে কয় যে ভাৰত-চীনৰ দুয়োখন দেশৰ সেনাৰ মাজত গণৰাজ্য দিৱসৰ দিনা হোৱা হটলাইন এক্সচেঞ্জৰ (Hotline exchanged between Indian Army and PLA) পাছতে বৃস্পতিবাৰে সন্ধানহীন হৈ থকা যুৱকজনক ভাৰতীয় সেনাৰ হাতত হস্তান্তৰ কৰে । চীনা সৈন্যই ভাৰতীয় সেনাৰ হাতত গতাই দিযাৰ পাছত ভাৰতীয় সেনাই স্বাস্থ্য পৰীক্ষা কৰে । আনহাতে পিপিই কীট পৰিধান কৰি চীনা সৈন্যই সীমান্তৰ সংযোগী পথেদি লৈ আহে যুৱকজনক ।

চীনা সেনাই ভাৰতীয় সেনাক গতালে অৰুণাচলৰ সন্ধানহীন যুৱকক

অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ যদৌ গাঁওৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ নিলগৰ লাংটাজোৰ নামৰ সীমান্ত চিয়ুঙলা এলেকাৰ পৰা ১৮ জানুৱাৰীৰ দিনা মিৰাম টেৰণ নামৰ ১৭ বছৰীয়া যুৱক জনক চীনা পিএলএ সেনা লৈ যায় । তেওঁ বন্ধুৰ সৈতে ঘৰৰ পৰা চিকাৰ কৰিবলৈ বুলি সীমান্তলৈ গৈছিল । তেতিয়া এই ঘটনা সংঘটিত হয় । কোনোমতে বন্ধু জনে প্ৰাণ ৰক্ষা কৰি পলাবলৈ সক্ষম হয় ।

বিগত ৯ দিন মিৰামৰ বাসগৃহত শোকাকূল পৰিৱেশে বিৰাজ কৰিছিল যদিও মিৰাম উভতি অহাৰ লগে লগে এতিয়া আনন্দমুখৰ পৰিৱেশ ঘৰত । মিৰাম ঘৰখনৰ তৃতীয় পুত্ৰ । উজনি চিয়াং জিলাৰ তুটিংৰ অন্তৰ্গত ভাৰত-চীন সীমান্তৰ এলেকাৰ পোষ্ট সমূহ ৭ টা বিভিন্ন নামেৰে নামাকৰণ কৰা আছে ।

টেংগ T1 আৰু T2 লৈ ৯৫ কিলোমিটাৰ তুটিং সদৰৰ পৰা আৰু T3ত সময়ে সময়ে দুয়োখন দেশৰ সেনাই পেট্ৰ'লিঙ কৰা এলেকা আৰু T4 হৈছে LAC কেপাংলা নামৰ ঠাইত গেলিঙ গাঁওৰ পৰা মাত্ৰ ২৮ কিলোমিটাৰ দূৰত্বত আৰু T5 চিয়েঙলা পইণ্ট লৈ ৩৫ কিলোমিটাৰ তুটিঙৰ পৰা আৰু T6 লৈ ৫০ কিলোমিটাৰ উক্ত স্থানৰ পৰা আনহাতে T7 পইণ্ট হৈছে কাংগ্ৰিকাৰপোলাৰ পৰা ইয়াৰ দূৰত্ব হৈছে ৯৮ কিলোমিটাৰ । লক্ষণীয় কথাটো হৈছে মিৰাম টেৰণ আৰু লগৰ বন্ধু T3 ৰ সমীপতে জনজাতীয় সম্প্ৰদায়ৰ লোকসকলে প্ৰচলিত এক পূজাৰ বাবে চিকাৰ কৰিবলৈ গৈছিল ।

পিতৃ অপাঙয়ে ইটিভি ভাৰতক জনায় যে তেওঁ আৰু পৰিয়ালৰ সদস্যসকল অতিকৈ আনন্দিত । কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় সেনা বাহিনীৰ লগতে ৰাজ্য চৰকাৰৰ সহযোগত পুত্ৰ পুনৰ উভতি আহিব আৰু সেই সময়লৈ তেওঁ গভীৰ আগ্ৰেহেৰে বাট চাই আছে ।

মন কৰিবলগীয়া যে, ইয়াৰ পূৰ্বে পূব অৰুণাচল প্ৰদেশৰ পৰা ৫ জন অৰুণাচলী যুৱকক চীনা সৈন্যই সীমান্তত তহল দিবলৈ আহি লৈ গৈছিল আৰু প্ৰায় ১২ দিনৰ অন্তত ভাৰতীয় সেনাৰ হাতত বুমলাত গতাই দিছিল । অৱশ্যে ক'ভিড বিধি অনুসৰি মিৰামক ভাৰতীয় সেনাই তেওঁলোকৰ তত্বাৱধানত কিছুদিন ৰখাৰ সম্ভাৱনা আছে । কাৰণ পূৰ্বতে ২০২০ চনত পাঁচজনীয়া যুৱকৰ দলটোৰ ক্ষেত্ৰতো এই ব্যৱস্থা গ্ৰহণ কৰিছিল সেনাই ।

লগতে পঢ়ক :কেমেৰাৰ সমুখত মনৰ কথা ক‘লে চীনা সৈন্যই লৈ যোৱা মিৰাম টেৰোনৰ পিতৃয়ে

For All Latest Updates

ABOUT THE AUTHOR

...view details