অসম

assam

ETV Bharat / state

অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰীত চীনৰ হাইড্ৰ’ পাৱাৰ প্ৰকল্প স্থাপন - বিজেপিৰ সাংসদ তাপীৰ গাৱ

অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰী জিলাৰ বিসা নামৰ ঠাইৰ লেন্সি নদীৰ পাৰত চীনে জলবিদ্যুৎ উৎপাদন প্ৰকল্পৰ সমান্তৰালভাবে ঘাইপথ নিৰ্মাণ কৰিছে ৷ সাংসদ তাপীৰ গাৱে প্ৰকাশ কৰিছে এই তথ্য ৷

china construction
china construction

By

Published : Jan 18, 2021, 7:34 PM IST

Updated : Jan 18, 2021, 8:31 PM IST

তেজপুৰ, ১৮ জানুৱাৰী :ৰঙা চীনে শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত অৱস্থিত উজনি সোৱণশিৰী জিলাত পুনৰ অবৈধভাৱে দখল কৰি লেন্সি নদীৰ পাৰত নতুন হাইড্ৰ’ পাৱাৰ প্ৰকল্প স্থাপন কৰাৰ লগতে নিৰ্মাণ কৰে সুগম পথ । পূব অৰুণাচল প্ৰদেশৰ বিজেপিৰ সাংসদ তাপীৰ গাৱে সোমবাৰে প্ৰকাশ কৰে এই তথ্য । উল্লেখ্য যে, ৰঙা চীনৰ বাবে এইয়া কোনো নতুন কথা নহয়, 1984 চনৰ পৰা একাদিক্ৰমে ভাৰতৰ ভূমি অধিগ্ৰহণ কৰি বৰ্তমান অৰুণাচল প্ৰদেশৰ ভূমিত নিৰ্মাণ কাৰ্য কৰি আহিছে ৰাষ্ট্ৰখনে ।

তাপিৰ গাৱ

সোমবাৰে বিয়লি বিজেপিৰ সাংসদগৰাকীয়ে ইটিভি ভাৰতক টেলিফোনযোগে জনায় যে উজনি সোৱণশিৰী জিলাৰ বিসা নামৰ ঠাইৰ লেন্সি নদীৰ পাৰত চীনে জল বিদ্যুৎ উৎপাদন প্ৰকল্পৰ সমান্তৰালভাৱে ঘাইপথ নিৰ্মাণ কৰে । ইয়াৰ পূৰ্বে চীনে পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত বুমলা পাচৰ সমীপত কেইবাটাও ঘৰৰ সৈতে এখন গাঁও স্থাপন কৰাৰো তথ্য পোহৰলৈ আহিছে । তাৰ পিছতে সমান্তৰালভাৱে চীনে অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইত ভাৰতীয় সীমা অতিক্ৰম কৰি পথ নিৰ্মাণ, গাঁও স্থাপন কৰাৰ পাছত এইবাৰ জলবিদ্যুৎ উৎপাদন প্ৰকল্পৰ নিৰ্মাণৰ কথা সদৰী কৰে সাংসদ তাপীৰ গাৱে । গাৱে কয় যে চীনে পুৰণি মজা নামৰ ঠাইখন এই পথ নিৰ্মাণ কৰিছে ৷

সোৱণশিৰীত চীনৰ হাইড্ৰ’ পাৱাৰ প্ৰকল্প স্থাপন

সাংসদগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি পূৰ্বে এই ঠাইডোখৰ ভাৰতীয় সেনাৰ দখলত আছিল যদিও বৰ্তমান চীনা সেনাৰ অধীনত আছে । তেওঁ ইতিমধ্যে সেই স্থানৰ স্থিৰ চিত্ৰ সংগ্ৰহ কৰা হৈছে বুলি দাবী কৰে ৷ বৰ্তমানৰ মজা নামৰ ঠাইত নতুন আৰু পুৰণি হিচাপে পৰিগণিত হৈছে কাৰণ পূৰ্বে ভাৰতৰ দখলত থকা অঞ্চলত বৰ্তমান চীনে অধিগ্ৰহণ কৰিছে আৰু নতুন অংশ ভাৰতৰ দখলত অৰ্থাৎ অৰুণাচল প্ৰদেশৰ ভিতৰত আছে । ইয়াৰ লগতে উক্ত জলবিদ্যুৎ প্ৰকল্পৰ কাষতে পাহাৰৰ নামনিত দ্বৈত লেনযুক্ত পথৰ নিৰ্মাণ সম্পূৰ্ণ কৰিলে বুলি তেওঁ স্থিৰ চিত্ৰ অনুসৰি জানিবলৈ দিয়ে । গাৱে এই সন্দৰ্ভত ইতিমধ্যে ভাৰতীয় সেনা বাহিনীৰ চীফ অৱ ডিফেঞ্চ ষ্টাফ, চীফ অৱ আৰ্মি ষ্টাফ, প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ, গৃহ মন্ত্ৰণালয়ৰ লগতে লোকসভাৰ অধ্যক্ষলৈ তথ্য প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰে ।

সোৱণশিৰীত চীনৰ হাইড্ৰ’ পাৱাৰ প্ৰকল্প স্থাপন

লগতে পঢ়ক :লাইকা দধিয়াবাসীৰ সংস্থাপনৰ বাবে কাম আৰম্ভ কৰিছে চৰকাৰে

Last Updated : Jan 18, 2021, 8:31 PM IST

ABOUT THE AUTHOR

...view details