তেজপুৰ, ১৪ নৱেম্বৰ:স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী, দাৰ্শনিক পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পিছত তেওঁৰ স্মৃতিত সমগ্ৰ দেশতে ১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে উদযাপন কৰি আহা হৈছে (Pandit Jawaharlal Nehru) । পূৰ্বে ভাৰতত শিশু দিৱস ২০ নৱেম্বৰত ৰাষ্ট্ৰসংঘই পালন কৰা বিশ্ব শিশু দিৱসৰ দিনা পালন কৰা হৈছিল । পৰৱৰ্তী সময়ত ১৯৬৪ চনত নেহৰুৰ মৃত্যুৰ পিছত ভাৰতৰ সংসদত এক প্ৰস্তাৱ গ্ৰহণ কৰি তেওঁৰ প্ৰতি সন্মান জনাই নেহৰুৰ জন্ম দিনটো শিশু সকলৰ বাবে উৎসৰ্গিত কৰি শিশু দিৱস হিচাপে পালন কৰা হয় ।
সমগ্ৰ দেশৰ লগতে তেজপুৰ নৱপ্ৰভাত অনাথ আশ্ৰমৰ শিশু গৃহতো এই দিৱস পালন কৰা হয় (Childrens Day celebrated at Tezpur)। পণ্ডিত নেহৰুৰ ফটোত বন্তি প্ৰজ্বলন কৰি শিশু সকলে গীত পৰিৱেশন কৰি উদযাপন কৰে এই দিৱস । ইপিনে, শোণিতপুৰ শিশু বিকাশ একাডেমীৰ পৰা তেজপুৰ চহৰৰত শিশুসকলে এক সজাগতা ৰেলি উলিয়াই মহান নেতাগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰে । আনহাতে, শোণিতপুৰ জিলাত চৰকাৰী ভাবে আজি কোনো ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হোৱা নাই ।
উল্লেখ্য় যে ১৮৮৯ চনৰ ১৪ নৱেম্বতত উত্তৰ প্রদেশৰ এলাহাবাদত জন্ম গ্ৰহণ কৰে শিশু সকলৰ অতিকৈ মৰমৰ পণ্ডিত জৱাহৰলাল নেহৰুৱে । তেওঁ আছিল একেধাৰে ভাৰতৰ ৰাজনীতিবিদ, চিন্তাবিদ আৰু লেখক হোৱাৰ উপৰিও স্বাধীন ভাৰতৰ প্রথমগৰাকী প্রধানমন্ত্রী । ১৯৬৪ চনৰ ২৭ মে'ত তেওঁৰ মৃত্য়ু হয় । তেওঁৰ পিতৃৰ নাম মতিলাল নেহৰু আৰু মাতৃ স্বৰুপাৰাণী নেহৰু ।