তেজপুৰ, 6 জানুৱাৰী:বুধবাৰে ইটানগৰৰ ৰাজ ভৱনত অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেদিয়াৰ বি.ডি. মিশ্ৰক সাক্ষাৎ কৰি ভাৰতীয় বায়ু সেনা বাহিনীৰ প্ৰধান আৰ কে এছ ভাদুৰিয়াই ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগতে ৰাজ্যখনৰ যুৱক যুৱতী সকলৰ নিযুক্তি তথা ৰাজ্যখনত ভাৰতীয় বায়ুসেনাৰ মানৱীয় মিছন সন্দৰ্ভত আলোচনাত মিলিত হয় ৷
ৰাজ্যখনৰ প্ৰতিগৰাকী নাগৰিকেই ভাৰতীয় বায়ুসেনাক লৈ গৌৰাম্বিত বুলি মন্তব্য কৰি ৰাজ্যপাল গৰাকীয়ে জৰুৰীকালিন এয়াৰ লিফ্টৰ ব্যৱস্থা কৰি অৰুণাচল প্ৰদেশৰ ৰাইজৰ সৈতে বিশ্বাস সৃষ্টি কৰাৰ বাবে ভাৰতীয় বায়ু সেনাক ধন্যবাদ জ্ঞাপন কৰে ৷
ৰাজ্যপাল গৰাকীয়ে বায়ু সেনা প্ৰধান গৰাকীক নিযুক্তি ৰেলী অনুষ্ঠিত কৰাৰ উপৰিও ভাৰতীয় বায়ু সেনাৰ সজাগতা শিবিৰ অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিয়ে ৷ তেওঁ মন্তব্য কৰে যে এনেধৰণৰ পদক্ষেপে ৰাজ্যখনৰ যুৱ প্ৰজন্মক সেনা বাহিনীত সেৱা আগবঢ়োৱাৰ বাবে উৎসাহিত কৰিব ৷