অসম

assam

ETV Bharat / state

চলিত বৰ্ষত ডেৰ কোটি জোপা গছ পুলি ৰোপণ কৰিবঃ মুখ্যমন্ত্ৰী - Sonitpur District

শোণিতপুৰৰ চাৰিদুৱাৰৰ ঢাৰিকাটিত বন বিভাগৰ উদ্যোগত ৰূপকোৱৰ জ্যোতি প্ৰসাদ আগৰৱালা নামেৰে নামাকৰণ কৰা উদ্যান মুকলি কৰে ৷ বিশেষকৈ যুৱ প্ৰজন্মক গছ পুলি ৰোপণ কৰি পৰিৱেশৰ বাতাবৰণ অটুত ৰাখিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে ৷ উক্ত উদ্যানখনত কেইবাজোপাও গছপুলি ৰোপণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

Chief Minister Sarbananda Sonoal Attended At Ranagapara Sonitpur District
চলিত বৰ্ষত ডেৰ কোটি জোপা গছ পুলি ৰোপণ কৰিবঃ মুখ্যমন্ত্ৰী

By

Published : Jun 11, 2020, 9:02 PM IST

ৰঙাপৰা, 11 জুনঃ শোণিতপুৰৰ চাৰিদুৱাৰত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰীয়ে ৰূপকোৱৰ জ্যোতি প্ৰসাদ আগৰৱালা নামেৰে নামাকৰণ কৰা এখন উদ্যানো মুকলি কৰে ৷

চলিত বৰ্ষত ডেৰ কোটি জোপা গছ পুলি ৰোপণ কৰিবঃ মুখ্যমন্ত্ৰী

শোণিতপুৰৰ চাৰিদুৱাৰত বৃহস্পতিবাৰে বন বিভাগৰ পৃষ্ঠপোষকতাত ৰূপকোৱৰ জ্যোতি প্ৰসাদ আগৰৱালা শীৰ্ষক এহেজাৰ জোপা গছপুলি ৰোপণ আৰু প্ৰতিপালন কেন্দ্ৰ মুকলি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । তাৰ পিছতে সংবাদ মেল সম্বোধন কৰি কয় যে, এখন প্ৰদূষণমুক্ত অসম গঢ়াৰ পৰিকল্পনা কৰা হৈছে ৷ ইতিমধ্যে পবিতৰা,কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে সমগ্ৰ বিশ্বৰ লোকে অসমৰ নামটোৰ সৈতে চিনাকী বুলি কয় ৷ ৰাজ্যৰ প্ৰত্যেকজন লোককে একো জোপাকৈ গছ পুলি ৰোপণ কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী জনে ৷ লগতে বন বিভাগৰ উদ্যোগত নিৰ্মিত এই ৰূপকোৱৰ জ্যোতি প্ৰসাদ আগৰৱালা নামাৰে নামাকৰণ কৰা উদ্যানখনত বহু পৰিমাণ মূল্যৱান গছপুলি ৰোপণ কৰা হ'ব ৷ ইতিমধ্যে অসমত চৰকাৰে বিভিন্ন ঠাইত ১০ কোটি জোপা ৰোপণ কৰিছে আৰু বৰ্তমানলৈ ছয় কোটি জোপা গছ পুলি ৰোৱা ব্যৱস্থা চলি আছে ৷ চলিত বৰ্ষত ডেৰ কোটি জোপা বিভিন্ন ফল,ফুল,ঔষধি গছপুলি ৰোপণ কৰাৰ পৰিকল্পনা কৰিছে বুলি সাংবাদিকৰ আগত সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক- চিলাপথাৰত প্ৰতিফলিত আখৰেৰে লিখি উলিয়ালে নামঘোষা

ABOUT THE AUTHOR

...view details