আপোনাৰ সহায়ে জীৱন দিব পাৰে কণমানি সমুদ্ৰক - আয়ুৰচন্দ্ৰা হাস্পাতল
যন্ত্ৰণাময় জীৱন কটাইছে এটি চাৰিবছৰীয়া কণমানিয়ে । পখিলা খেদাৰ বয়সত বিচনাতে দিন পাৰ কৰিবলগীয়া হৈছে কণমানিটোৱে ।
চতিয়া,৩০জুন : চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ পানপুৰ চেঙেলীমৰা গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ সমুদ্ৰ নামৰ এই কণমানিটোৱে পাৰ কৰিছে পঙ্গুতৰ জীৱন । শিশুটিৰ মূৰত জমা হৈছে পানী । খোজ কঢ়া, খেলা-ধূলা একোকে কৰিব নোৱাৰে শিশুটিৱে । শিশুটিৰ শাৰিৰীক গঠণৰ ওপৰত স্থানীয় শিশু চিকিৎসক,তেজপুৰৰ চিকিৎসালয়তো চিকিৎসা কৰিছিল যদিও কোনো সুফল লাভ নকৰিলে । ইফালে,দিন-ৰাতি একাকাৰ কৰি কণমানিটোৰ কান্দোনত থাকিব নোৱাৰি পৰিয়ালটিৱে ঘৰৰ সকলো সামগ্ৰী বিক্ৰী কৰি চিকিৎসা কৰিছে শিশুটিক । কিন্তু সুস্থ হৈ নুঠিল সমুদ্ৰ । সমুদ্ৰক গুৱাহাটীৰ আয়ুৰচন্দ্ৰা হাস্পাতলত চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল । চিকিৎসকে শিশুটিৰ মুৰত পানী জমা হৈ থকাৰ বাবেই যন্ত্ৰনাত শিশুটিয়ে এনে আচৰণ কৰা বুলি অৱগত কৰে৷মুৰৰ এটি অপাৰেচন কৰিলেই শিশুটি আৰোগ্য হৈ উঠিব বুলি চিকিৎসকে পৰামৰ্শ দিয়ে যদিও অস্ত্ৰোপ্ৰচাৰৰ বাবে দৰিদ্ৰ পৰিয়ালটিক এতিয়া প্ৰায় ডেৰ লক্ষাধিক টকাৰ প্ৰয়োজন হয় । সন্তানটিৰ চিকিৎসাৰ বাবে মাতৃগৰাকীয়ে এতিয়া নিজৰ কিডনী বিক্ৰী কৰিবলৈও প্ৰস্তুত হৈ পৰিছে । কিয়নো হাঁতত আছে মাথো সাঁতদিন৷ চিকিৎসকৰ মতে এসপ্তাহৰ ভিতৰত যদি কণমানিটোক অস্ত্ৰোপচাৰ কৰা নহয়, তেন্তে এই সংসাৰৰপৰা চিৰবিদায় মাগিব লাগিব কণমানিটোৱে । ইফালে পুত্ৰৰ এনে যন্ত্ৰনা আৰু চিকিৎসাৰ বাবে কিছু ধন ঘটি পুত্ৰক সুস্থ কৰি তুলিবৰ বাবেই পিতৃ বাবুল দাস এমাহ পূৰ্বে কণমানিটোৰ পিতৃ গৈছে হায়দৰাবাদলৈ । কিন্তু পিতৃৰ এই সপোন হয়তো তেতিয়ালৈ বহু পলম হৈ যাব পাৰে । যাৰ বাবে কণমানিটোৰক পৰিয়ালে আপোনাৰ পৰা বিচাৰিছে অলপ সহায় । আপোনাৰ সহায়ে হয়তো শিশুটিক দিব পাৰে নতুন জীৱন । শিশুটিয়ে ঘুৰাই পাব পাৰে তাৰ সোণোৱালী শৈশৱ আৰু হাঁহি বিৰিঙাই তুলিব পাৰে দৰিদ্ৰ পৰিয়ালটিৰ মুখলৈ৷শিশুটিৰ চিকিৎসাৰ বাবে যদি আপুনি আৰ্থিকভাৱে সহায় কৰিব বিচাৰে তেন্তে অসম গ্ৰামীণ বিকাশ বেংকৰ জামুগুৰিহাট শাখাৰ 7043010093824 একাউন্ট নম্বৰত নতুবা 6003133242 ম’বাইল নম্বৰত যোগাযোগ কৰিব পাৰে৷