ৰঙাপৰা, 26 আগষ্ট:শোণিতপুৰত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰ ৷বুধবাৰে চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷ এসপ্তাহ ধৰি জ্বৰ আৰু কাহত আক্ৰান্ত হৈ আছিল বিষয়াগৰাকী ।
শোণিতপুৰৰ চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া কৰ’ণাত আক্ৰান্ত - ক্ষিৰোদ কমল হাজৰিকা
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাতো অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ ৷ শোণিতপুৰৰ চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া কৰ’ণা পজিটিভ ৷
Chariduar Revenue circle officer Corona Positive
বুধবাৰে চক্ৰ বিষয়া ক্ষিৰোদ কমল হাজৰিকাৰ কৰ’ণা পৰীক্ষা কৰাৰ পাছতেই বিষয়াগৰাকীৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷ শোণিতপুৰৰ ৰঙাপৰা আৰু বালিপৰা অঞ্চলত ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে কৰ’ণা পজিটিভ ৰোগীৰ সংখ্যা ৷
লগতে চাওক-দখলত থকা সমষ্টিতহে AIUDF য়ে দিব পাৰিব প্ৰাৰ্থীত্বঃ নুৰুল হুদা