তেজপুৰ, ১৬ অক্টোবৰ : মাইক্ৰ’ফাইনেন্সৰ তৃতীয় পৰ্যায়ৰ ঋণীসকলক ঋণ ৰেহাইৰ আনুষ্ঠানিক কাৰ্যসূচী তেজপুৰৰ কলেজিয়েট হাইস্কুল খেলপথাৰত সোমবাৰে অনুষ্ঠিত হয় ৷ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে মাইক্ৰ’ফাইনেন্সৰ তৃতীয় পৰ্যায়ৰ ঋণীসকলক ঋণ ৰেহাইৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৷ আদৰণি ভাষণ প্ৰদান কৰে শোণিতপুৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ৷ এই অনুষ্ঠানত উপস্থিত থাকে তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণকমল তাঁতি, বৰছলা সমষ্টিৰ বিধায়ক গণেশ লিম্বু ৷
গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত উপস্থিত থাকে শোণিতপুৰ জিলা পৰিষদৰ অধ্যক্ষ ডলি চুৰিণ, অসম পাঠ্যপুথি প্ৰকাশন আৰু প্ৰণয়ন নিগমৰ উপাধ্যক্ষ তুলসী বৰঠাকুৰ প্ৰমুখ্যে ব্যক্তিসকল ৷ মাইক্ৰ’ফাইনেন্সৰ তৃতীয় পৰ্যায়ৰ ঋণীসকলক ঋণ ৰেহাই দিয়াত উৎফুল্লিত হৈ পৰে মহিলাসকল ৷ মন্ত্ৰী অশোক সিংহলে ভাষণ প্ৰদান কৰি কয় যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ক’ভিডৰ সময়তে প্ৰতিশ্ৰুতি দিছিল যে, যিসকল মহিলাই ক’ভিডৰ সময়ত ঋণ ঘূৰাবলৈ অসমৰ্থ হৈছিল তেওঁলোকক ঋণ ৰেহাই দিয়া হ’ব ৷ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰি প্ৰতিশ্ৰুতি পালন কৰিলে বুলি কয় মন্ত্ৰী সিংহলে ৷