তেজপুৰ, ২১ জানুৱাৰী :শনিবাৰে তেজপুৰ বাটমাৰীৰ সন্মিলন কক্ষত অনুষ্ঠিত বিজেপিৰ অন্তৰংগ আলাপ অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (central minister Sarbananda Sonowal at Tezpur) । অনুষ্ঠানত উপস্থিত থাকি সৰ্বানন্দ সোণোৱালে কয় যে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে সম্পূৰ্ণ হৈছে বিজেপি (BJP prepared for Lok Sabha election 2024) । তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ অভূতপূৰ্ব প্ৰগতি হৈছে (PM Narendra Modi) ৷
আনহাতে, অসমত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) নেতৃত্বত উন্নয়নৰ কাম যথেষ্ট পৰিমাণে আগবাঢ়িছে বুলিও তেওঁ মন্তব্য কৰে । দীৰ্ঘদিন ধৰি কংগ্ৰেছে দেশ শাসন কৰিছে যদিও তেওঁলোক নোৱাৰা কাম মোদীৰ নেতৃত্বত সম্ভৱ হৈছে ৷ তেওঁ লগতে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ আৰ্থিক উন্নয়নত গুৰুত্ব দিয়া হৈছে ৷ নদী পৰিবহণত গুৰুত্ব দি ব্ৰহ্মপুত্ৰৰে নদী যাতায়াত সুচল কৰা হ'ব ৷ বিশ্বৰ সৰ্বাধিক দূৰত্বৰ নদী ক্ৰুইজখনৰ কথা উল্লেখ কৰি তেওঁ কয় যে ৰিভাৰ ক্ৰুইজৰ দলটো আহি বিশ্বনাথ আৰু তেজপুৰ পাবহি ৷ আনহাতে, বিশ্বনাথত ওপঙা নদী বন্দৰ হ'ব বুলিও তেওঁ উল্লেখ কৰে ৷
তাৰ বাবে ইতিমধ্যে নিবিদা গ্ৰহণ কৰা হৈছে বুলিও কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জানিবলৈ দিয়ে ৷ ব্ৰহ্মপুত্ৰৰ বুকুত মালবাহী জাহাজ আৰু যাত্ৰীৰ বাবেও পুনৰ জাহাজ চলাচল কৰিব বুলি তেওঁ লগতে জানিবলৈ দিয়ে । উল্লেখযোগ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যত সমাগত নিৰ্বাচনৰ পূৰ্বে তেওঁ কয় যে যিকেইখন ৰাজ্যত বিজেপিৰ চৰকাৰ গঠন হোৱা নাই, সেই ৰাজ্যত বিজেপিৰ চৰকাৰ গঠনৰ বাবে প্ৰয়াস চলি আছে । উল্লেখ্য, সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে আহি তেজপুৰত উপস্থিত হয় ।