তেজপুৰ, 31 জুলাই : ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে শোণিতপুৰ জিলাতো শনিবাৰে জল জীৱন মিছন শীৰ্ষক আঁচনিৰ অধীনত জিলাখনৰ মুঠ 30 টা পানী যোগান আঁচনিৰ জৰিয়তে পানীকলৰ সংযোগ ৰাইজলৈ হস্তান্তৰিত কৰাৰ ব্যৱস্থা কৰা হয় ৷ ভাৰতবৰ্ষৰ সকলো পৰিয়াললৈ 2024 চনৰ ভিতৰত ঘৰুৱা পানীকল সংযোগৰ জৰিয়তে বিশুদ্ধ খোৱাপানী যোগান নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সূচনা কৰা হৈছে জল জীৱন মিছন শীৰ্ষক আঁচনি ৷ চৰকাৰৰ নিৰ্দেশনা অনুসৰি শনিবাৰে জিলাখনৰ কেউটা সমষ্টি সামৰি জনপ্ৰতিনিধি, উচ্চ পদাধিকাৰী আৰু স্থানীয় বিশিষ্ট ব্যক্তিৰ দ্বাৰা এই আঁচনিসমূহৰ পৰা পানীকল যোগে ঘৰে ঘৰে সংযোগ কৰা ব্যৱস্থাৰ শুভাৰম্ভ কৰা হয় ৷
এই উপলক্ষে তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই জিলা উন্নয়ন আয়ুক্ত শোভন গোৱালাৰ উপস্থিতিত ভিতৰসুঁতি পানীযোগান আঁচনিৰ শুভাৰম্ভ কৰে ৷ ইয়াৰ উপৰি বৰচলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ লিম্বুৱে নতুনপাম পানীযোগান আঁচনি আৰু চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই চমাৰদলনী পানীযোগান আঁচনিখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷ আনহাতে শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্যই পুৰণি আলিমূৰ আঁচনি, শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী ডলি সুৰিনে ধেন্দাই পানীযোগান আঁচনিত খোৱাপানীৰ ঘৰুৱা পানীকল সংযোগ হস্তান্তৰকৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷