অসম

assam

ETV Bharat / state

ৰাজ্যত শীঘ্ৰে প্ৰৱৰ্তন হ'ব ইনাৰ লাইন পাৰ্মিট - Inner Line Permit in assam

অসমত ৰাজ্যিক সীমা পাৰ পত্ৰ প্ৰৱৰ্তনৰ সম্ভাৱনা ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশত গঠন কৰা হৈছে এখন ১৪ জনীয়া উচ্চ ক্ষমতাসম্পন্ন কমিটি ৷

ৰাজ্যত শীঘ্ৰে প্ৰৱৰ্তন হ'ব ইনাৰ লাইন পাৰ্মিট
ৰাজ্যত শীঘ্ৰে প্ৰৱৰ্তন হ'ব ইনাৰ লাইন পাৰ্মিট

By

Published : Jan 23, 2020, 8:00 PM IST

তেজপুৰ,২৩ জানুৱাৰীঃশীঘ্ৰে অসমত প্ৰৱৰ্তন হ'ব পাৰে ৰাজ্যিক সীমা পাৰ পত্ৰ (Inner Line Permit) ৷ পাৰ পত্ৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশত গঠন কৰা হৈছে এখন ১৪ জনীয়া উচ্চ ক্ষমতাসম্পন্ন কমিটি ৷ বিশেষ সূত্ৰৰ ভিত্তিত লাভ কৰা খবৰ অনুসৰি, এই ১৪ জনীয়া কমিটিয়ে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী হোৱাকৈ ১৫ ফেব্ৰুৱাৰীত আন্তঃৰাজ্যিক সীমা পাৰ পত্ৰৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব গৃহ মন্ত্ৰণালয়ক ৷

আনহাতে, ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন ২০১৯ বিৰুদ্ধে প্ৰতিবাদ চলি থকা সময়তে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে । ৰাজ্যৰ স্বাৰ্থত সাংবিধানিক ৰক্ষা কৱচ ৬নং দফাৰ মতে ৰাজ্যিক সীমা পাৰ পত্ৰ প্ৰৱৰ্তন হ'লে অসম বিধান সভাত সংৰক্ষণ আৰু কৰ্মসংস্থাপন সুৰক্ষিত হ'ব । ১৯৮৫ চনৰ অসম চুক্তি ৬ নং দফা অনুসৰি সাংবিধানিক ৰক্ষা কৱচে বিধানসভা, প্ৰশাসনিক, ভাষা সংস্কৃতিৰ ক্ষেত্ৰত সুৰক্ষা প্ৰদান কৰিব ।

ৰাজ্যত শীঘ্ৰে প্ৰৱৰ্তন হ'ব ইনাৰ লাইন পাৰ্মিট

যদি প্ৰকৃততে কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে তেনেহ'লে অসমতো বহুতো দিশত কিছু পৰিমাণে হ'লেও সকাহ লাভ কৰিব বুলি সচেতন মহলত চৰ্চিত হৈছে ।

আৰু পঢ়কঃ চিলিণ্ডাৰ বিস্ফোৰণ ! মহানগৰীত জীৱন্তে অগ্নিদগ্ধ দুই কণমাণি

ABOUT THE AUTHOR

...view details