ৰঙাপৰা,২৫ ফেব্ৰুৱাৰী :ৰাজ্যত সক্ৰিয় হৈ আছে গৰু চিণ্ডিকেট চক্ৰ । গৰু চিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষীৰো অভিযান অব্যাহত আছে । ইয়াৰ মাজতে শোণিতপুৰ জিলাত জব্দ ২৬ টাকৈ চোৰাং গৰু । চাৰিদুৱাৰ আৰক্ষীয়ে জব্দ কৰে গৰুভৰ্তি এখন ট্ৰাক (Cattle loaded truck seized at Sariduar)।
চাৰিদুৱাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত কলিয়াভোমোৰা দলঙত জব্দ কৰে গৰু ভৰ্তি ট্ৰাকখন । জব্দ কৰা ট্ৰাকখনৰ নম্বৰ AS-23-BC-6186 । আৰক্ষীয়ে জনোৱা মতে গৰু কেইটা অৰুণাচল প্ৰদেশৰ পৰা বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা কৰা হৈছিল ।