তেজপুৰ, 29 জুনঃপৰিৱেশৰ অনুকূলে জীৱৰ বাসস্থানৰ পাৰ্থক্য দেখা যায় ৷ পৰিৱেশ তন্ত্ৰৰ লগত খাপ খোৱাকৈ ভিন ভিন জীৱই বাচি লয় নিজৰ বাসস্থান ৷ কিন্তু যেতিয়াই পৰিৱেশ পৰিস্থিতি সলনি হয় অথবা, নিৰ্দিষ্ট স্থানৰ পৰা জীৱ জন্তুৰ ঠাই সলনি হয় তেতিয়া পৰিৱেশ তন্ত্ৰত ইয়াৰ প্ৰভাৱ পৰে ৷ সততে আপুনি দেখি আহিছে সাপ ধৰা ঘটনা ৷ কিন্তু তেনে প্ৰাণী উদ্ধাৰ কৰাৰ নামত বাসস্থানৰ পৰা আঁতৰাই অন্য ঠাইলৈ লৈ যোৱাটো কিমান যুক্তি সংগত ? অসমত সাপ ধৰা প্ৰক্ৰিয়াটো আজিৰ নহয়, বহু আগৰ পৰাই বনাঞ্চলৰ পৰা বিষাক্ত প্ৰজাতিৰ সাপ ধৰি একাংশ লোকে খেল দেখুৱাই আহিছিল ৷ সময়ৰ সোঁতত সেয়া বিভিন্ন কাৰণত নাইকিয়া হ'ল যদিও এতিয়াও অব্যাহত আছে অসমত ৷ বিভিন্ন প্ৰান্তত সাপ ধৰি বা উদ্ধাৰ কৰি একাংশ লোকে বনাঞ্চলত মেলি দিয়ে ৷ কিন্তু এইয়া এক গুৰুতৰ অপৰাধ ৷ বন্যপ্ৰাণী আইন অনুসৰি এইয়া এক অপৰাধ কাৰণ বাসস্থান সলনি কৰাটো বন্যপ্ৰাণী অইন মতে চিকাৰ কৰা বুজায় ।
বন্যপ্ৰাণী আইন অৰ্থাৎ Wild Life (Protection Act )1979 Ammanded Upto Date অনুসৰি কোনো লোকে সাপ ধৰি আনি নিজৰ ঘৰত ৰাখিব নোৱাৰে, একেদৰে International Union for Conservation of Nature ( IUCN) ৰ নিৰ্দেশ অনুসৰি এডাল সাপ উদ্ধাৰ কৰি বা ধৰি ইয়াৰ বাসস্থানৰ পৰা যদি এক কিলোমিটাৰ ব্যসাৰ্ধতো যদি এৰি দিয়ে তেনেহলে সেইয়া অপৰাধ ।
কিন্তু উত্তৰ পূৰ্বাঞ্চলত পৰিৱেশ আৰু ইয়াৰ বিভিন্নতাৰ বাবে যথেষ্ট সংখ্যক সৰীসৃপ প্ৰাণীৰ উপস্থিতি লক্ষ্য কৰা যায় ৷ যাৰ পৰিপ্ৰেক্ষিতত সঘনাই মানুহৰ বাসস্থানটো সাপৰ বিচৰণ দেখা যায় ৷ কিন্তু সাপ ওলোৱাৰ পিচতে উদ্ধাৰ কৰি আন ঠাইলৈ লৈ যোৱাটো কিয় অপৰাধ আমি সেই সম্পৰ্কত কথা পাতিছিলো সৰীসৃপ প্ৰাণীৰ ওপৰত গৱেষণা কৰি থকা জয়াদিত্য পুৰকায়স্থৰ সৈতে ৷