অসম

assam

ETV Bharat / state

ৰঙাপাৰাত বাঁহৰ খুটাৰে বিদ্যুতৰ উচ্চ ক্ষমতা সম্পন্ন তাঁৰ সৰবৰাহ - শক্তি বিভাগ

উল্লেখ্য যে যিটো স্থানত বাঁহৰ খুটাত বিদ্যুৎ পৰিবাহি তাঁৰ উলমিছে সেই ঠাইৰ পথটোৰে নিতৌ বিভিন্ন ধৰণৰ যান-বাহনকে ধৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু গাওঁখনৰ ৰাইজে ভয় শংকাৰ মাজেৰে যাতায়ত কৰি আহিছে ৷ দুটা বিদ্যুৎ পকী খুঁটাৰ মাজত ওলমি থকা বিদ্যুৎ পৰিবাহী তাঁৰডাল মাজৰ অংশত চিঙি বিপদজনক অৱস্থাত ওলমি আছে।

Carelessness of Elctricity board in Rangapara
ৰঙাপাৰা

By

Published : Jun 11, 2020, 3:36 PM IST

ৰঙাপাৰা, 11 জুনঃ পৰিৱৰ্তনকামী ৰাজ্য চৰকাৰৰ বিয়াগোম শক্তি বিভাগৰ কৰ্মকাণ্ডৰ কথা কৈ থাকিলে কেতিয়াও অন্ত নপৰিব। বিভাগটোৰ চৰম গাফিলতিৰ বাবেই ৰাজ্যখনত বিগত সময়ত বহু কেইটা দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতো আজিলৈকে শিক্ষা লোৱা নাই বিভাগটোৱে ৷ এইখন ৰাজ্যত আজিও বিদ্যুৎ সৰবৰাহ কৰা হয় বাঁহৰ খুটাৰে ।

ৰঙাপাৰাত বাঁহৰ খুটাৰে বিদ্যুতৰ উচ্চ ক্ষমতা সম্পন্ন তাঁৰ সৰবৰাহ

যি সময়ত চৰকাৰে প্ৰতিখন গাঁৱত বিদ্যুৎ সংযোগ কৰিবলৈ উঠি পৰি লাগিছে তেনে সময়তে ৰঙাপৰাৰ ঢোকবস্তি গাঁৱত জৰাজীৰ্ণ বাঁহৰ খুটাত বিদ্যুৎ পৰিবাহী তাঁৰ উলমি থকাটোৱে বিভাগটোৰ দায়িত্বহীনতাকে উদঙাইছে ৷ দীৰ্ঘদিনৰ পৰা ফুলগুৰি-কলাকুছি সংযোগী গড়কাপ্তানী পথৰ কাষতে এনেদৰে বাঁহৰ খুটাৰে বিদ্যুৎ সৰবৰাহ হৈ আছে । মৰণ ফান্দলৈ পৰিণত হোৱা বাঁহৰ খুটা কেইটা সলনি কৰি পকী খুটা লগোৱাৰ বাবে বিভাগটোৰ বিষয়া-কৰ্মচাৰী সকলক ৰাইজে বাৰম্বাৰ অনুৰোধ কৰি আহিছিল যদিও ৰাইজৰ জ্বলন্ত সমস্যাটোৰ আজিকোপতি একো সমাধান নঘটিল।

লগতে পঢ়কঃ গোলাঘাটত ব্যাপক হাৰত লুণ্ঠন বনজ সম্পদ

উল্লেখ্য যে যিটো স্থানত বাঁহৰ খুটাত বিদ্যুৎ পৰিবাহী তাঁৰ উলমিছে সেই ঠাইৰ পথটোৰে নিতৌ বিভিন্ন ধৰণৰ যান-বাহনকে ধৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু গাঁওখনৰ ৰাইজে ভয় শংকাৰ মাজেৰে যাতায়ত কৰি আহিছে ৷ দুটা বিদ্যুৎ পকী খুঁটাৰ মাজত ওলমি থকা বিদ্যুৎ পৰিবাহী তাঁৰডাল মাজৰ অংশত চিঙি বিপদজনক অৱস্থাত ওলমি আছে। ইপিনে মাহটো আহিলে বিদ্যুতৰ বিল সংগ্ৰহ কৰিবলৈ পাহৰি নোযোৱা বিভাগটোৰ বিষয়া-কৰ্মচাৰীয়ে গাঁওখনৰ এই দৃশ্য দেখি নোপোৱাত ক্ষোভ প্ৰকাশ কৰে স্থানীয় লোকে ৷

ABOUT THE AUTHOR

...view details