তেজপুৰ, ২৯ এপ্ৰিল: এগৰাকী 42 বছৰীয়া ককৰ্ট ৰোগীয়ে ধন্যবাদ জ্ঞাপন কৰিলে অসম চৰকাৰক৷ অসম চৰকাৰ আৰু টাটা ট্ৰাষ্ট্ৰৰ যৌথ উদ্যোগত স্থাপন কৰা তেজপুৰ কেন্সাৰ কেন্দ্ৰত(Tezpur cancer hospital) নিজৰ ৰোগৰ সন্দৰ্ভত চিকিৎসকক সাক্ষাৎ কৰি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে শোণিতপুৰ জিলাৰ ঠেলামৰাৰ বৰডুবিৰ লোকজনে ৷
বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ পৰা ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰটো ভাৰ্চুৱেলী শুভ উদ্বোধন কৰাৰ পাছত শুকুৰবাৰৰে পৰা বৰ্হি বিভাগৰ চিকিৎসাসেৱা আৰম্ভ কৰা হয় ৷ শোণিতপুৰ জিলাৰ ঠেলামৰাৰ বৰডুবিৰ ৰোগীগৰাকীৰ প্ৰথমগৰাকী ৰোগী হিচাপে পঞ্জীয়ন হোৱাত তেখেতৰ সম্পূৰ্ণ মাচুল আৰু ঔষধ বিনামূলীয়াকৈ প্ৰদান কৰা হয়৷ উল্লেখ্য যে, কৃষকগৰাকী কাৰ্চিনমা কলনত(Colon carcinoma) আক্ৰান্ত বুলি ধৰা পৰাৰ পাছত ২০২১ চনত গুৱাহাটীৰ ডাঃ বি বৰুবা কৰ্কট প্ৰতিষ্ঠানত(B Borooah Cancer Institute) তেওঁৰ এটা অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হয় ৷
চাৰিজনীয়া পৰিয়াল এটাৰ একমাত্ৰ উপাৰ্জনকাৰী সদস্যগৰাকী কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ পাছত তেওঁলোকে বহুতো আৰ্থিক আৰু মানসিক কষ্টত ভুগিবলগীয়া হৈছিল । এই ৰোগত আক্ৰান্ত হোৱাৰ পাছত শাৰীৰিক দুৰ্বলতাৰ বাবে লোকজনে কৰ্মত পুনৰ যোগদান কৰিব পৰা নাই । আৰ্থিক অনাটনৰ ফলত পৰৱৰ্তী চিকিৎসাৰ বাবে গুৱাহাটীলৈও যাব পৰা নাছিল৷ প্ৰথমবাৰৰ বাবে কৰ্কট ৰোগ ধৰা পৰাত তেখেত সপ্তাহত দুবাৰকৈ চিকিৎসা গ্ৰহণ কৰিবলৈ গুৱাহাটীলৈ যাবলগীয়া হৈছিল আৰু প্ৰতি বাৰতেই প্ৰায় ৪৫০০ কৈ টকা খৰচ কৰিবলগীয়া হৈছিল৷