তেজপুৰ , 15 ছেপ্টেম্বৰ : উত্তৰ-পূব সীমান্ত ৰে’ল বিভাগে বিভিন্ন আন্তঃগাঁথনি আৰু সুৰক্ষাজনিত কাৰ্য গ্ৰহণ কৰাৰ বাবে ৰঙিয়া মণ্ডলৰ অন্তৰ্গত সৰুপেটা-পাঠশালা ষ্টেচনৰ মাজত ট্ৰেফিক আৰু পাৱাৰ ব্লক আৰু চাংসাৰী-নিউ বঙাইগাঁও খণ্ডৰ মাজত শ্বেড’ ব্লকৰ মেৰামতিৰ পৰিপ্ৰেক্ষিতত কেইখনমান ৰে'লৰ বাতিলকৰণ, পথ পৰিৱৰ্তন আৰু সময় পুনৰ নিৰ্ধাৰণ কৰিছে ৷
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তৰফৰ পৰা জনোৱা অনুসৰি ৰে’ল সেৱাৰ বাতিলকৰণৰ সময় তালিকা এনেধৰণৰ- 16 আৰু 17 ছেপ্টেম্বৰ, 2023 তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং 15679 (আলিপুৰদুৱাৰ জংচন – লামডিং) ইণ্টাৰচিটি এক্সপ্ৰেছ; ৰেল নং 15770 (লামডিং – আলিপুৰদুৱাৰ জংচন) ইণ্টাৰচিটি এক্সপ্ৰেছ; ৰে’ল নং 15753 (আলিপুৰদুৱাৰ জংচন - গুৱাহাটী) চিফুং এক্সপ্ৰেছ; ৰে’ল নং 15754 (গুৱাহাটী – আলিপুৰদুৱাৰ জংচন) চিফুং এক্সপ্ৰেছ আৰু ৰে’ল নং. 15928 (নিউ তিনিচুকীয়া - ৰঙিয়া) এক্সপ্ৰেছ ৰে’ল বাতিল থাকিব ৷ আনহাতে 16 ছেপ্টেম্বৰ, 2023 তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং 15927 (ৰঙিয়া – নিউ তিনিচুকীয়া) এক্সপ্ৰেছ আৰু 17 ছেপ্টেম্বৰ, 2023 তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং. 15967(ৰঙিয়া - লিডু) এক্সপ্ৰেছ ৰে’ল বাতিল থাকিব ৷