তেজপুৰ, ৭ মাৰ্চ : ঐতিহাসিক বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ আজি ভাওনাৰ প্ৰথম দিনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্থায়ীভাৱে নিৰ্মাণ কৰি উলিওৱা প্ৰকল্পৰ উন্মোচন কৰে (Baresaharia Bhaona Mahotsav 2023) । মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৫ বছৰৰ পূৰ্বে ঘোষণা কৰা এই প্ৰকল্প মঙলবাৰে সন্ধিয়া মুকলি কৰে (Cabinet Minister at Baresaharia Bhaona)। মুঠ ২৮ কোটি টকাৰে নিৰ্মাণ কৰা এই স্থায়ী প্ৰকল্পতো এটি ফুলি থকা পদুম ফুলৰ আকৃতিৰ । মঙলবাৰে সন্ধিয়া ৮ বজাত সোণোৱালে উন্মোচন কৰে প্ৰথম দিনাৰ ভাওনা ৷
কাৰ্যসূচী অনুসৰি ১ নং খলাত শ্ৰীমন্ত শংকৰদেৱৰ অংকীয়া ৰাম বিজয় নাটক, ২ নং খলাত সীতা হৰণ বালি বধ, ৩ নং খলাত ৰাৱণ বধ আৰু ৪ নং খলাত দক্ষ যজ্ঞ নাটকৰ দৰে মুঠ ২১ খন খলাত ভাওনা সমাৰোহ অনুষ্ঠিত হয় । মন্ত্ৰী সোণোৱালে তেওঁ এই ভাওনা মহোৎসৱত উপস্থিত থাকি নিজকে ধন্য বুলি কয় । মনকৰিবলগীয়া যে, শংকৰদেৱৰ ঐতিহাসিক সংস্কৃতিৰ নিদৰ্শন বৈষ্ণৱ ধৰ্মৰ এই বাৰেচহৰীয়া ভাওনাৰ সামৰণিত মন্ত্ৰী গৰাকীয়ে "জয় হিন্দ" ৰে তেওঁৰ বহুমূলীয়া ভাষণেৰে সামৰণি মাৰে ।
২২৬ সংখ্যক এই ভাওনা মহোৎসৱৰ বাবে দেশৰ ভিন্ন প্ৰান্তৰ লোক সমাগত হয় (Baresaharia Bhaona of Jamugurihat Sonitpur) । এই ভাওনাৰ এক ঐতিহ্য আছে । সাম্প্ৰতিক সময়ত ৰাজহুৱা জীৱনৰ প্ৰচেষ্টা প্ৰাণ প্ৰাচুৰ্য লগতে শংকৰী সনাতন একশৰণ আদৰ্শৰ অনুপ্ৰেৰণা আৰু একান্ত ভকতিৰ মূৰ্তিমান প্ৰকাশ বাৰেচহৰীয়া এই ভাওনা মহোৎসৱ । প্ৰত্যেক চাৰি বছৰৰ মূৰত অনুষ্ঠিত এই ভাওনাৰ উত্তৰ অসম তথা বৰ্তমান ভাৰতবৰ্ষৰ এক লেখত লবলগীয়া মহোৎসৱ হিচাপে পৰিগণিত হৈছে ।