অসম

assam

ETV Bharat / state

তেজপুৰত আছুৰ নেতৃত্বত ৰাইজৰ আন্দোলন - Ransinga

অসমীয়াৰ স্বাভিমানক নস্যাৎ কৰি শাসনাধিষ্ঠ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদে ক্ৰমে তীব্র ৰূপ ধাৰণ কৰিছে ৷ সদৌ অসম ছাত্ৰ সন্থাই জনোৱা আহ্বানক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে ৰণশিঙা বাজি উঠিল তেজপুৰৰ ৰাজপথত ৷

আছু
তেজপুৰত বাজিল ৰণশিঙা

By

Published : Jan 9, 2020, 10:28 PM IST

তেজপুৰ,৯ জানুৱাৰীঃসদৌ অসম ছাত্ৰ সন্থাই জনোৱা আহ্বানক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে ৰণশিঙা বাজি উঠিল তেজপুৰৰ ৰাজপথত ৷ অসমীয়াৰ স্বাভিমানক নস্যাৎ কৰি শাসনাধিষ্ঠ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদে ক্ৰমে তীব্র ৰূপ ধাৰণ কৰিছে ৷ শাসকীয় দল বিজেপিৰ ঐক্য-শান্তি সমদলৰ প্ৰত্যাহ্বান জনাই ৰাজপথলৈ ওলাই আহে স্থানীয় ৰাইজ ৷ শ্বহীদ ভৱনৰ বাকৰিৰ পৰা আৰম্ভ কৰা প্ৰতিবাদী সমদলটোৱে আদালত চৌহদৰ সন্মুখত গৈ সাব্যস্ত কৰে প্ৰতিবাদ ৷

থলুৱা বাদ্য বজাই আছুৰ প্ৰতিবাদ
তেজপুৰত বাজিল ৰণশিঙা

প্ৰতিবাদটোত অংশগ্ৰহণ কৰে আছুৰ নেতৃবৰ্গৰ উপৰিও বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়াসকলে ৷ অংশগ্ৰহণকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন প্ৰতিবাদী শ্লোগান দি সাব্যস্ত কৰে প্ৰতিবাদ ৷

ABOUT THE AUTHOR

...view details