অসম

assam

ETV Bharat / state

পৰ্যটকৰ অভাৱে হতাশা মাতিছে ৰাষ্ট্ৰীয় উদ্যান সমূহৰ সৈতে জড়িত কৰ্মচাৰীসকললৈ - পৰ্যটক

সুদীৰ্ঘ সাত মাহে মহামাৰী কৰ'ণাৰ কবলত পৰি সমগ্ৰ বিশ্বৰ লগতে অসমৰ পৰ্যটন ক্ষেত্ৰতখন বহু পিছ পৰি ৰ’ল । তাৰ লগতে স্থবিৰতা আহিল পৰ্যটনক অৱলম্বন হিচাপে লৈ জীৱিকা নিৰ্বাহ কৰা বহু পৰিয়াললৈ ৷ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ গাঁওসমূহৰ স্থানীয় লোকৰ এক মাত্ৰ উপাৰ্জনৰ আহিলা হিচাপে পৰিগণিত এই ব্যৱসায় বাণিজ্য সমূহ বন্ধ হৈ পৰাত নানা সমস্যাৰ সৃষ্টি হৈছে ।

হতাশাত ভুগিছে ৰাষ্ট্ৰীয় উদ্যান সমূহৰ সৈতে জড়িত ব্যৱসায়ীসকল
হতাশাত ভুগিছে ৰাষ্ট্ৰীয় উদ্যান সমূহৰ সৈতে জড়িত ব্যৱসায়ীসকল

By

Published : Oct 8, 2020, 8:14 PM IST

Updated : Oct 8, 2020, 8:33 PM IST

তেজপুৰ,৮ অক্টোবৰ : পৰ্যটকেৰে ভৰি থকা নামেৰী ৰাষ্ট্ৰীয় উদ্যান এতিয়া জন শূন্য ৷ সুদীৰ্ঘ সাত মাহে মহামাৰী কৰ'ণাৰ কবলত পৰি সমগ্ৰ বিশ্বৰ লগতে অসমৰ পৰ্যটন ক্ষেত্ৰতখন বহু পিছ পৰি ৰ’ল । তাৰ লগতে স্থৱিৰতা আহিল পৰ্যটনক অৱলম্বন হিচাপে লৈ জীৱিকা নিৰ্বাহ কৰা বহু পৰিয়াললৈ ৷ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ গাঁওসমূহৰ স্থানীয় লোকৰ এক মাত্ৰ উপাৰ্জনৰ আহিলা হিচাপে পৰিগণিত এই ব্যৱসায় বাণিজ্য সমূহ বন্ধ হৈ পৰাত নানা সমস্যাৰ সৃষ্টি হৈছে । বিগত সময়ছোৱাত অক্টোবৰ মাহৰ প্ৰথম ভাগতেই নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ইক’ কেম্পৰ বাবে পৰ্যটকৰ নাম পঞ্জীয়ন কৰিবলৈ তাৰিখ ল’ব লগীয়া হৈছিল ৷

হতাশাত ভুগিছে ৰাষ্ট্ৰীয় উদ্যান সমূহৰ সৈতে জড়িত ব্যৱসায়ীসকল

উল্লেখযোগ্য যে শোণিতপুৰ জিলাৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ লগতে অন্যান্য অঞ্চলৰ পৰ্যটনৰ ক্ষেত্ৰতো বহু পৰিমাণে ক্ষতি হোৱা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ এপ্ৰিল মাহৰ পৰা মে' মাহলৈ পৰ্যটকৰ সংখ্যা বহুখিনি থাকে যদিও এইবাৰ অসম চৰকাৰে এইক্ষেত্ৰত জিলাখনৰ পৰা প্ৰায় 4.5 কোটি ৰাজহ হেৰুৱাব লগা হৈছে ৷

আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় 5 কোটি ৰাজহ হেৰুৱাব লগীয়া হৈছে । শোণিতপুৰ জিলাৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান নিৰ্ভৰ কৰে ইয়াৰ জীয়া ভৰলী নদীৰ এ‌‌ঙলিং, ৰাফটিং আৰু তাৰ লগতে অৰুণাচল প্ৰদেশৰ টাৱাংৰ পৰ্যটকৰ ওপৰত ।

হতাশাত ভুগিছে ৰাষ্ট্ৰীয় উদ্যান সমূহৰ সৈতে জড়িত ব্যৱসায়ীসকল

জিলা প্ৰশাসন আৰু চৰকাৰে বিভিন্ন চেষ্টা অব্যাহত ৰাখিছে যাতে পৰ্যটন বিভাগটো পুনৰ আৰম্ভ হোৱাৰ লগে লগেই স্বাস্থ্য বিভাগৰ নিয়ম অনুসৰি সকলো আগৰ অৱস্থালৈ ঘূৰি আহে । পৰ্যটনৰ ক্ষেত্ৰলৈ পৰ্যটকৰ পুনৰাগমন হ’লেহে কিছু গতিশীলতা আহিব পৰ্যটনকে আধাৰ হিচাপে লৈ সৰু সুৰা ব্যৱসায়েৰে পেটৰ ভাত মোকলোৱা লোকসকলৰ জীৱন-জীৱিকালৈ ৷

লগতে পঢ়ক :চিনামৰা চাহ বাগিচাত আদিবাসী ছাত্র সন্থাৰ উত্তাল প্ৰতিবাদ

Last Updated : Oct 8, 2020, 8:33 PM IST

ABOUT THE AUTHOR

...view details