চতিয়া,২৫ মাৰ্চ: দেশৰ ভিতৰতে একক বৃহৎ সামাজিক সাংস্কৃতিক অনুষ্ঠান হিচাপে পৰিচিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপনৰ অন্তত শনিবাৰে জমা-খৰচৰ হিচাপ দাখিল কৰে উদযাপন সমিতিয়ে ৷ এখনি সংবাদমেলৰ জৰিয়তে উদযাপন সমিতিৰ সভাপতি তথা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই এই হিচাপ ৰাজহুৱা কৰে (Budget presentation of Bareshahriya Bhaona Mahotsav) ৷ সেই অনুসৰি এককোটি ২৫ লাখ জমা হোৱাৰ বিপৰীতে এককোটি পোন্ধৰ লাখ খৰচ হয় আৰু দহ লাখ টকা হাতে জমা থাকে ৷
ভাওনা মহোৎসৱ শেষ হোৱাৰ দহ দিনৰ ভিতৰত এই হিচাপ দাখিল কৰিবলৈ পাই অত্যন্ত সুখী বুলি মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই (MLA Padma Hazarika) ৷ ভাওনা মহোৎসৱ সফলভাৱে ৰূপায়ণৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱা সকলোলৈকে সংৱাদমেলৰ জৰিয়তে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ ইয়াৰোপৰি ২৬ কোটি টকাৰে নিৰ্মান হৈ থকা বাৰেচহৰীয়া ভাওনাৰ সাংস্কৃতিক প্ৰকল্প চোৱাচিতা কৰিবৰ বাৱে দুজনকৈ ব্যক্তিক নিযুক্তি দিয়াৰো কথা অৱগত কৰে ৷
লগতে পঢ়ক:Road accident: শ্ৰমিকক পাত তুলিবলৈ নিয়া বাহন দুৰ্ঘটনাগ্ৰস্ত, 2 গৰাকী অৱস্থা সংকটজনক