অসম

assam

By

Published : Oct 12, 2019, 6:20 PM IST

ETV Bharat / state

ৰঙাপাৰাত নৃশংস হত্যাকাণ্ডঃ ঘৰৰ ভিতৰতে হানি-খুচি হত্যা শাহু-বোৱাৰীক

চোকা অস্ত্ৰৰে ঘপিয়াই একে পৰিয়ালৰ দুগৰাকীকৈ মহিলাৰ প্ৰাণ ললে অচিনাক্ত দুৰ্বিত্তই ৷

ৰঙাপাৰাত নৃশংস হত্যাকাণ্ড

ৰঙাপাৰা, 12 অক্টোবৰ: শুকুৰবাৰে নিশা এক নৃশংস হত্যাকাণ্ডই জোঁকাৰি গ'ল শোণিতপুৰ জিলাৰ ৰঙাপাৰা অঞ্চল ৷ অঞ্চলটোৰ 4নং আমলগাত একে নিশাই অচিনাক্ত দুৰ্বিত্তই চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰিলে একে পৰিয়ালৰ দুই সদস্যক ৷

ঘটনা অনুসৰি 4নং আমলগা গাঁৱৰ নিবাসী চুফিয়া আনচাৰী আৰু তেওঁৰ বোৱাৰী ৰূপচানা খাটুনে তেওঁৰ স্বামী তথা চুফিয়া আনচাৰীৰ পুত্ৰ কৰ্মসুত্ৰে ঘৰৰ বাহিৰত থকাৰ বাবে তেওঁলোকে অকলশৰীয়াকৈ বাস কৰিছিল ৷ কিন্তু শুকুৰবাৰে নিশা এই দুয়ো গৰাকী মহিলাকে অচিনাক্ত দুৰ্বিত্তই ঘৰৰ ভিতৰতে নৃশংস ভাৱে হত্যা কৰি পেলাই থৈ যায় ৷

চোকা অস্ত্ৰৰে ঘপিয়াই একে পৰিয়ালৰ দুগৰাকীকৈ মহিলাৰ প্ৰাণ ললে অচিনাক্ত দুৰ্বিত্তই

পুৱা স্থানীয় ৰাইজৰ সন্দেহ হোৱাত লগে লগে আৰক্ষীক খবৰ দিয়ে ৷ লগে লগে ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ ঘৰৰ ভিতৰৰ পৰা মৃতদেহ দুটা উদ্ধাৰ কৰে ৷ কিন্তু আশ্বৰ্য্যজনক ভাৱে হত্যাকৰীয়ে এই আক্ৰমণত ৰূপচানা খাটুনৰ ডেৰ বছৰীয়া সন্তানক একো আঘাত নকৰাকৈ এৰি থৈ যায় ৷ ঘটনা সন্দৰ্ভত ৰঙাপাৰা আৰক্ষীয়ে ইতিমধ্যে একে গাঁৱৰে তিনিজন ব্যক্তিক সোধা পোছাৰ বাবে জিম্মাত লৈছে ৷ এইদৰে স্বামীৰ অনুপস্থিত অকলশৰীয়াকৈ থকা দুই মহিলাৰ ৰহস্যজনক হত্যাকাণ্ডই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ ৰঙাপাৰা অঞ্চলত ৷

ABOUT THE AUTHOR

...view details